গুৱাহাটী : অহা ৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া পাঁচটা সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টিত কংগ্ৰেছ দলে প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰে এটা সমষ্টি এৰি দিব ৰাইজৰ দলক। ইফালে উপ-নিৰ্বাচন তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও মাজুলী সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী প্ৰদান নকৰে। মাজুলী সমষ্টি অসম জাতীয় পৰিষদক এৰি দিছে কংগ্ৰেছ দলে।

উপ-নিৰ্বাচনত শাসকীয় দল বিজেপিক ৰোধ কৰিবলৈ অংকত ব্যস্ত বিৰোধী দল কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। বিজেপিক উপ-নিৰ্বাচনত পৰাস্ত কৰিবলৈ ইতিমধ্যে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেওবাৰে দল দুটাৰ নেতৃত্বতই এক সংবাদমেল অনুষ্ঠিত কৰি একেলগে যুঁজৰ কথা ঘোষণা কৰে।

সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ উপস্থিত থাকে। ভূপেন কুমাৰ বৰাই জানিবলৈ দিয়ে যে উপ-নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইজৰ দলক আমন্ত্ৰণ জনোৱা হৈছে যদিও ৰাইজৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ উত্তৰ অহা নাই।

বিজেপিক উপ-নিৰ্বাচনত পৰাস্ত কৰিবলৈ কংগ্ৰেছ দলে চাৰিটা সমষ্টিৰত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এটা এটা সমষ্টি এৰি দিছে বুলিও কয় ভূপেন কুমাৰ বৰাই। মৰিয়ানি, গোঁসাইগাঁও, তামুলপুৰ আৰু থাওৰাত কংগ্ৰেছৰ দলে প্ৰাৰ্থী প্ৰদান কৰি মাজুলী অসম জাতীয় পৰিষদ আৰু ভৱানীপুৰ ৰাইজৰ দলক এৰি দিছে বুকিও জানিবলৈ দিয়ে ভূপেন কুমাৰ বৰাই।

অৱশ্যে এই ক্ষেত্ৰত ৰাইজৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি ভূপেন কুমাৰ বৰাই কয় ভৱানীপুৰ সন্দৰ্ভত ৰাইজৰ দলৰ লগত আলোচনা চলি আছে যদিও ৰাইজৰ দলৰ লগত এতিয়ালৈকে কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই। কংগ্ৰেছে থাওৰা সমষ্টিত এৰি নিদিয়ে, ইফালে ধৈৰ্য্য কোঁৱৰক ৰাইজৰ দলৰ থাওৰা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰি ইতিমধ্যে প্রচাৰ অভিযান চলাই আছে ৰাইজৰ দলে।

আনহাতে মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ পিছত মাজুলীতো অতি শীঘ্ৰে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। মাজুলী সমষ্টি কংগ্ৰেছ দলে অসম জাতীয় পৰিষদক এৰি দিয়াৰ বাবে মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে কংগ্ৰেছ দলৰ সমৰ্থনত বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে যুঁজিব।

ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া সমষ্টি কেইটাত বিজেপিক পৰাস্ত কৰিবলৈ এখন নাৱত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ উঠি এতিয়া ৰাইজৰ দলৰ অপেক্ষাত ৰৈ আছে। ৰাইজ দল এই নাওখনৰ যাত্ৰী হয় নে নহয় এইয়া অতি শীঘ্ৰে দেখিবলৈ পোৱা যাব। থাওৰা সমষ্টিয়ে কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বিজেপি বিৰোধী মিত্ৰতাত আউল লগোৱাৰ সম্ভাৱনাই অধিক।