নিউজ ডেস্ক : মোদী উপাধিৰ গোচৰত গুজৰাটৰ আদালতৰ পৰা সকাহ নাপালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi)। ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ড বাতিল কৰাৰ আবেদন নাকচ কৰিছে গুজৰাটৰ ছেছন আদালতে। ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ডনৰ শাস্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছে আদালতে। মানহানিৰ গোচৰত গুজৰাটৰ এক নিম্ন আদলতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘মোদী উপাধি’কলৈ কৰা বিতৰ্কিত বক্তব্যৰ বাবে গুজৰাটৰ চুৰাটৰ এক নিম্ন আদালতে দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছিল। আদালতৰ এই ৰায়দান বাতিল কৰিবলৈ ৰাহুল গান্ধীয়ে গুজৰাটৰ ছেছন আদালতত আবেদন দাখিল কৰিছিল। বৃহস্পতিবাৰে (২০ এপ্ৰিল ২০২৩ তাৰিখে) আদলতে ৰাহুল গান্ধীৰ আবেদন নাকচ কৰে। অতিৰিক্ত ন্যায়াধীশ আৰ পি মোগেৰাৰ আদালতে ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি নিম্ন আদালতৰ ৰায়দান বাহাল ৰাখিলে।

ছেছন আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত আৰু শাস্তি প্ৰদানৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰা হ’লে ৰাহুল গান্ধীয়ে লোকসভাৰ সদস্যপদ পুনৰ ঘূৰাই পালেহেঁতেন। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কেৰালাৰ ৱায়ানাদৰ পৰা জয়লাভ কৰি সাংসদ হৈছিল ৰাহুল গান্ধী। যোৱা ২৩ মাৰ্চত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক পূৰ্ণেশ মোদীয়ে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল চুৰাটৰ আদালতে। তাৰ এদিন পিছতে ৰাহুল গান্ধীৰ লোকসভাৰ পদ খাৰিজ কৰা হৈছিল।

যোৱা ৩ এপ্ৰিলত নিম্ন আদালতৰ ৰায়দানৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে ছেছন আদালতত আবেদন দাখিল কৰিছিল। ৰাহুল গান্ধীক জামিন প্ৰদান কৰাৰ সময়ত আদালতে অভিযোগকাৰী পূৰ্ণেশ মোদী আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছিল। যোৱা বৃহস্পতিবাৰে দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি আদালতে ২০ এপ্ৰিললৈকে ৰায় সংৰক্ষিত কৰি ৰাখিছে। শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা আৰ এছ চিমাই আদালতৰ সন্মুখত ৰাহুল গান্ধীৰ পক্ষ দাখিল কৰিছিল।

ৰাহুল গান্ধীৰ অধিবক্তাই আদালতত যুক্তি দিছিল যে মোদীৰ উপাধিৰ ওপৰত ৰাহুল গান্ধীয়ে কৰা মন্তব্য সন্দৰ্ভত মানহানিৰ গোচৰটো ন্যায্য নহয়। লগতে গোচৰটোত সৰ্বোচ্চ শাস্তিৰ প্ৰয়োজন নাছিল। জ্যেষ্ঠ অধিবক্তা আৰ এছ চিমাই কৈছিল যে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ ৩৮৯ নং ধাৰাত আপীল নোহোৱালৈকে শাস্তি স্থগিত ৰখাৰ ব্যৱস্থা আছে। তেওঁ কৈছিল যে ক্ষমতা ব্যতিক্ৰম, কিন্তু আদালতে শাস্তিৰ পৰিণতিৰ কথা বিবেচনা কৰা উচিত। তেওঁ কৈছিল যে আদালতে বিবেচনা কৰিব লাগে যে দোষীজনৰ অপূৰণীয় ক্ষতি হ’ব নেকি। এনে শাস্তি পোৱাটো অন্যায়।