নিউজ ডেস্ক : এতিয়া চীন নহয়, জনসংখ্যাৰ (Population) ক্ষেত্ৰত ভাৰত প্ৰথম স্থানত। জনসংখ্যাৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰি ভাৰতে প্ৰথম স্থান দখল কৰিছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা প্ৰতিবেদন প্ৰকাশ পাইছে এই তথ্য। ভাৰতৰ তুলনাত চীনৰ জনসংখ্যা অধিক বৃদ্ধ বুলিও প্ৰকাশ পাইছে প্ৰতিবেদনত।

জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতে চীনক পিছ পেলাইছে। ভাৰতৰ জনসংখ্যা এতিয়া চীনৰ জনসংখ্যাতকৈ ২৬ লাখ অধিক। ভাৰতত বর্তমান যুৱ জনসংখ্যা সৰ্বাধিক হোৱাৰ পৰিবৰ্তে চীনত বৃদ্ধৰ সংখ্যা অধিক৷ ভাৰত এতিয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত ভাৰতে জনসংখ্যাৰ ক্ষেত্ৰত চীনতকৈ আগুৱাই গৈছে।

ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত অনুসৰি এবছৰত ভাৰতৰ জনসংখ্যা ১.৫৬ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি এতিয়া ভাৰতৰ জনসংখ্যা ১৪২.৮৬ কোটিলৈ বৃদ্ধি পোৱাৰ বিপৰীতে চীন ১৪২.৫৭ কোটিৰে দ্বিতীয় স্থানলৈ পিছলি গৈছে। এই প্ৰতিবেদনত কোৱা হৈছিল যে ভাৰতৰ মুঠ প্ৰজননৰ হাৰ ২.০। ইয়াত এজন ভাৰতীয় পুৰুষৰ গড় আয়ুস ৭১ বছৰ, মহিলাৰ বাবে ৭৪ বছৰ। ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদন ১৯৭৮ চনৰ পৰাই প্ৰকাশ হৈ আছে।

এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে ইউএনএফপিএ ইণ্ডিয়াৰ প্ৰতিনিধিয়ে কয় “এতিয়া বিশ্বৰ জনসংখ্যা ৮ বিলিয়ন হৈছেগৈ। ভাৰতৰ জনসংখ্যাৰ ১.৪ বিলিয়ন জনসাধাৰণক আমি ১.৪ টা সুযোগ হিচাপে চাম। তেওঁ কয় যে ভাৰত এখন শক্তিশালী দেশ। শিক্ষা, জনস্বাস্থ্য আৰু অনাময় আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ভাৰত অবিৰতভাৱে আগবাঢ়িছে। কাৰিকৰী বিষয়ত আমি প্ৰতিদিনে নতুন নতুন অভিলেখ গঢ়িছো।”

ভাৰতত যুৱ জনসংখ্যা সৰ্বাধিক বুলি প্ৰতিবাদত প্ৰকাশ পাইছে। এই প্ৰতিবেদনত প্ৰকাশ পোৱা আন এক ভাল তথ্য হ’ল যে ভাৰতৰ জনসংখ্যাৰ ২৫ শতাংশৰ বয়স ০-১৪ বছৰ, ১০-১৯ বছৰ বয়সৰ ১৮ শতাংশ লোক আছে, ১০-২৪ বছৰ বয়সৰ লোকৰ সংখ্যা ২৬ শতাংশ। কিন্তু ভাৰতত ১৫-৬৪ বছৰৰ ভিতৰৰ জনসংখ্যা প্ৰায় ৬৮ শতাংশ। অৰ্থাৎ ভাৰতত সৰ্বাধিক যুৱক-যুৱতী আছে।

ভাৰতত যুৱ জনসংখ্যা অধিক হোৱাৰ পৰিবৰ্তে চীনত বৃদ্ধৰ সংখ্যা অধিক। চীনৰ ২০ কোটি মানুহ ৬৫ বছৰৰ ওপৰত। বৃদ্ধ জনসংখ্যা চীন বাবে বেয়া খবৰ। চীনত জনসংখ্যা বৃদ্ধিৰ বাবে চৰকাৰক প্ৰতিদিনে ইয়াৰ জনসাধাৰণক নতুন নতুন প্ৰলোভন দিয়া আহিছে যদিও ইয়াৰ মানুহে এটাতকৈ অধিক সন্তান জন্ম দিয়া নাই। চীনত এতিয়া অবিবাহিত লোকেও সন্তান জন্ম দিব পাৰে। বিবাহিত দম্পত্তিৰ সন্তানে যি সুবিধা পায়, সেই সকলো সুবিধা অবিবাহিত লোকৰ সন্তানেও পাব।

আনকি চীনৰ এখন কলেজে সম্পৰ্কত থকা দম্পত্তিক এসপ্তাহৰ হানিমুন ছুটীও দিছে। যাতে তেওঁলোকে অকলে সময় কটাব পাৰে আৰু ইয়াৰ ফলত জনসংখ্যা বৃদ্ধি পায়। বৰ্তমান চীনৰ প্ৰায় ৪০ শতাংশ জনসংখ্যা ৬০ বছৰৰ ওপৰৰ। এটা সময়ত।চীনত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰা হৈছিল।