নিউজ ডেস্ক : জম্মু-কাশ্মীৰ (Jammu and Kashmir) পুঞ্চত সেনাবাহিনীৰ বাহনত ভয়ংকৰ অগ্নিকাণ্ড, চাৰিজন জোৱানৰ মৃত্যু। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে আহত জোৱান সকলৰ সহায় বাবে আগুৱাই আহে। সেনাবাহিনীৰ গাড়ীখনত অগ্নিকাণ্ড ইমানেই ভয়াৱহ হৈ পৰিছিল যে বহু দূৰৰ পৰা দেখা পোৱা গৈছিল।

জম্মু-কাশ্মীৰৰ পুঞ্চত সেনাবাহিনীৰ বাহনত ভয়ংকৰ অগ্নিকাণ্ড। চাৰিজ জোৱানৰ মৃত্যু হয় অগ্নিকাণ্ডত। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী আৰু সেনা বাহিনীৰ লোক উপস্থিত হৈ আহত জোৱান সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে আহত সেনা জোৱান সকলৰ উদ্ধাৰ অভিযানত নামি পৰে। সেনাবাহিনীৰ বাহনখনত জুই ইমানেই তীব্ৰ আছিল যে বহু দূৰৰ পৰা দেখা পোৱা গৈছিল। এই ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু হৈছে চাৰিজন সেনা জোৱান। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। অগ্নিকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত আছে। উদ্ধাৰকাৰী দলটোৱে আহত জোৱানসকলৰ তাৎক্ষণিকভাৱে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

প্ৰথম অৱস্থাত অগ্নিকাণ্ডত দুজন জোৱানৰ মৃত্যু হোৱাৰ খবৰ আহিছিল যদিও পিছত চাৰিজন জোৱানৰ মৃত্যু হোৱা বুলি নিশ্চিত হয়। সেনাবাহিনীৰ বাহনত অগ্নিকাণ্ড আৰু চাৰিজন জোৱানৰ মৃত্যুৰ ফলত সেনাবাহিনীৰ মাজত আলোড়নৰ সৃষ্টি হৈছে। অগ্নিকাণ্ডৰ তদন্তত গুৰুত্বসহকাৰে নিয়োজিত হৈছে সেনা।

জানিব পৰা মতে বজ্ৰপাতৰ বাবেই অগ্নিকাণ্ড সংঘটিত হৈছে। বজ্ৰপাতৰ ফলত সেনাবাহিনীৰ এখন বাহনত জুইৰ সূত্ৰপাত হয় আৰু চাৰিজন জোৱানে প্ৰাণ হেৰুৱাই। অগ্নিকাণ্ডৰ ফলত কেইবাজনো জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে। স্থানীয় ৰাইজকো এই সন্দৰ্ভত সোধা-পোছা কৰা হৈছে। অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত উপস্থিত হৈছে সেনাৰ শীৰ্ষ বিষয়া।