গুৱাহাটী : শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ আহি পালে স্ব-গৃহলৈ। সোমবাৰে পুৱাৰ ভাগত বৰঝাৰস্থিত বায়ু সেনাৰ ষ্টেচনলৈ অনা হয় শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ। মণিপুৰত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণত শ্বহীদ হৈছিল বাক্সাৰ থেকেৰাকুছিৰ অসম ৰাইফালছৰ জোৱান সুমন স্বৰ্গীয়াৰী।

শনিবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ মণিপুৰ-ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণত শ্বহীদ হৈছিল বাক্সা জিলাৰ থেকেৰাকুছিৰ অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰী। সোমবাৰে শ্বহীদ গৰাকীৰ নশ্বৰ দেহ বায়ু সেনাৰ বিশেষ বিমানযোগে যোৰহাটৰ ৰৰৈয়া বায়ুসেনা ষ্টেচনৰ পৰা বৰঝাৰস্থিত বায়ু সেনাৰ ষ্টেচনলৈ অনা হয়।

পুৱাৰ ভাগত শ্বহীদ গৰাকীৰ নশ্বৰ দেহ বৰঝাৰস্থিত বায়ু সেনাৰ ষ্টেচনলৈ অনাৰ পিছতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শ্বহীদ সুমন স্বৰ্গীয়াৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। স্বাস্থ্য কেশৱ মহন্তৰ লগতে অসম ৰাইফলছ, অসম আৰক্ষী-প্ৰশাসন আৰু বায়ু সেনাৰ বিষয়া সকলেও শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ বায়ু সেনাৰ ষ্টেচনৰ পৰা পোনে পোনে শ্বহীদ গৰাকীৰ জন্মস্থান থেকেৰাকুছিলৈ নিয়া হ’ব। শ্বহীদ গৰাকীৰ জন্মস্থান থেকেৰাকুছিত ইতিমধ্যে শোকৰ বন্য বৈছে।শনিবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হৈছিল অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰী।

মণিপুৰ-ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণত ৪৬ নং অসম ৰাইফলছৰ কামণ্ডিঙ অফিচাৰ বিপ্লৱ ত্ৰিপাঠীও শ্বহীদ হৈছিল। বিপ্লৱ ত্ৰিপাঠীৰ পত্নী আৰু পুত্ৰও নিহত হৈছিল এই আক্ৰমণত। শনিবাৰে উগ্ৰপন্থীয়ে বিপ্লৱ ত্ৰিপাঠীৰ কনভয়ৰ ওপৰত চলোৱা আক্ৰমণত মুঠ ৭ জনকৈ লোক নিহত হৈছিল।