সোণাপুৰ, ২১ মেঃ পূৰ্বৰ ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে পোন্ধৰতা বছৰ শাসন কৰি কোটি কোটি টকা অপব্যয় কৰাৰ বহুতো উদাহৰণ আছে। বিভিন্ন উন্নয়নমূলক কামৰ বিনিময়ত কোটি কোটি টকা ব্যয় কৰিছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে। কিন্তু এই কোটি কোটি টকীয়া উন্নয়নমূলক কামবোৰ ৰাইজৰ বাবে অৰ্থহীন হৈ থাকিল। ইয়াৰে এক উদাহৰণ দেখিবলৈ পোৱা যায় মহানগৰীৰ কাষৰীয়া অঞ্চল সোনাপুৰৰ মালৈবাৰীত। পোন্ধৰ বছৰীয়া শাসনত কংগ্ৰেছ চৰকাৰ খনে কৃষি বিভাগৰ অভিলাসী আঁচনি অধীনত নিৰ্মান কৰা মালৈবাৰীৰ উপ-বজাৰ প্ৰকল্পটো ধংসৰ গৰাহত। ২০০৮ চনতে কোটি টকা ব্যয় কৰি নিৰ্মান কৰা এই উপ-বজাৰ প্ৰকল্পটো নিৰ্মান কাৰ্য্য সম্পূৰ্ণ  হোৱাৰ পিছতো মুকলি কৰি নিদিলে পূৰ্বৰ চৰকাৰখনে। ফলত নবছৰে মুক্তিৰ অপেক্ষাত থাকি এতিয়া মৃত্যুৰ মুখলৈ গতি কৰিছে এই উপ-বজাৰ প্ৰকল্পটো। কোটি টকীয়া এই প্ৰকল্পটো জহি-খহি যোৱাৰ উপক্ৰম হোৱাৰ লগতে ইয়াত এতিয়া চলে মদ-ভাং আৰু জুৱাৰ আড্ডা। কংগ্ৰেছে যেন উপ-বাজাৰ প্ৰকল্প নহয় অনৈতিকৰ কাৰ্য্য চলোৱাৰ বাবে এক আড্ডা স্থলীহে নিৰ্মান কৰিছিল। মালৈবাৰী অঞ্চলটো এক কৃষি প্ৰধান অঞ্চল, ইয়াত প্ৰচুৰ পৰিমাণে বড়া ধানৰ খেতি কৰা হয়। সোনাপুৰ তথা বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ কৃষকসকলে নিজৰ কৃষিজাত সামগ্ৰীসমূহ উপযুক্ত মূল্যৰ বিনিময়ত বেচা-কিনা কৰিব পাৰে এই সুবিধাৰ্থে এই উপ-বজাৰ প্ৰকল্পটো নিৰ্মান কৰা হৈছিল। কিন্তু কোটি টকীয়া এই প্ৰকল্পটো পূৰ্বৰ চৰকাৰখনৰ অৱহেলাৰ বাবে আড্ডাস্থলীত পৰিণতি হৈছে। বৰ্তমানৰ পৰিৱৰ্তন আৰু উন্নয়নৰ কথা কৈ শাসনলৈ অহা বিজেপি চৰকাৰখনক মালৈবাৰী কৃষি প্ৰধান ৰাইজে এই উপ বজাৰ প্ৰকল্পটো মেৰামতি কৰি কৃষকৰ বাবে মুকলি কৰি দিয়াৰ আহ্বান জনাইছে৷