ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্ষপূতিঃ মাজুলীৰ পথ যোগাযোগ উন্নীতকৰণত অগ্ৰাধিকাৰ

In সম্পাদকৰ বাছনিত
TheChocolateRoomTezpur

১৭ টা পথ, ১৬ খন কাঠৰ দলং ১ খন আৰ চি চি দলংৰ অনুমোদন

গড়মূৰ, ২০ মেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত গঠিত নতুন ৰাজ্য চৰকাৰখনৰ এবছৰীয়া কাৰ্যকালত মাজুলী জিলাৰ সৰ্বাংগীন উন্নয়নৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে৷ মাজুলীবাসীৰ আশা-আকাংক্ষাক সন্মান জনাই মুখ্যমন্ত্ৰীয়ে লোৱা উদ্যোগৰ অংশ হিচাপে প্ৰতিটো বিভাগে মাজুলীৰ আন্তঃগাঁঠনিৰ দ্ৰুত উন্নয়নত অগ্ৰাধিকাৰ দিছে৷ নতুন চৰকাৰে দ্বায়িত্ব গ্ৰহণৰ পাছত বিগত বছৰটোত গড়কাপ্তানী গ্ৰাম্য পথ বিভাগে নদীদ্বীপ জিলাখনৰ পথ-যোগাযোগ ব্যৱস্থাৰ অমূল পৰিবৰ্তন সাধনৰ কাৰণে পথ নিৰ্মাণ-মেৰামতি-উন্নীতকৰণৰ কাৰণে ১৭ খন আঁচনি আৰু দলং নিৰ্মাণৰ ১৭ খন আঁচনিত অনুমোদন লাভ কৰি কাম আৰম্ভ কৰিছে৷ যোৱা এটা বছৰত মাজুলীৰ এই পথ-দলং নিৰ্মাণৰ কাৰণে অসম পথ মেৰামতি পুঁজি (এ আৰ এম এফ) ২০১৬-১৭, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যান বিভাগৰ অনুসূচীত জাতি উপ-পৰিকল্পনা (এছ চি এছ পি), কেন্দ্ৰীয় পথ পুঁজি (চি আৰ এফ) আৰু গ্ৰাম্য আন্তঃগাঁঠনি উন্নয়ন পুঁজি (আৰ আই ডি এফ) শিতানৰ পৰা পুঁজি আগবঢ়োৱা হৈছে৷ গড়কাপ্তানী গ্ৰাম্য পথ বিভাগৰ মাজুলী সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা তৰুণ হাজৰিকাই প্ৰকাশ কৰা মতে, চলিত বৰ্ষত মাজুলীৰ বাবে এ আৰ এম এফ আঁচনিৰ অধীনত অতি ভিতৰুৱা অঞ্চলত নতুনকৈ ৫ টা পথ নিৰ্মাণ, ৫ টা বিধ্বস্ত পথ আৰু ২ টা কেঁচা পথ মেৰামতিৰ লগতে বিভিন্ন গড়কাপ্তানী পথত ১৬ খন কাঠৰ দলং নিৰ্মাণৰ কাৰণে ২৪.৮৬ কোটি টকাৰ আৱন্টন দিছে৷ ইয়াৰে দুৰ্গম এলেকাৰ নতুন পথ কেইটা হৈছে, বেঙেনা আটি-কাকতিবাৰী পথ, বালিগাঁও চাৰিআলিৰ পৰা হাতীমূৰীয়া মিছিংগাঁও হৈ নভঙা পথ, ২ নং কহালগাঁৱৰ পৰা নাওশালি হৈ দক্ষিণপাট পথ, ৰাওনাপাৰাৰ পৰা কৰৈয়নীআটি গাওঁ হৈ চুমৈমাৰী পথ আৰু পটিয়া গাঁও পথ৷ মেৰামতিৰ কাম চলি থকা বিধ্বস্ত পথ কেইটা হৈছে, ধাপাক গাঁও পথ, ভেকুলীমাৰী পথ, বালি চাপৰি, ফুলনিৰ পৰা শিলিখামাৰী পথ আৰু বৰবাৰীৰ পৰা চিতাদাৰচুক পথ৷ তদুপৰি ম’হকিনা পথ আৰু উজিৰাআটি কৰৈগুৰিৰ (দক্ষিণ আঁহতগুৰি) বিধ্বস্ত কেঁচা পথ কেইটা মেৰামতিৰ কাৰণেও পুঁজিৰ আৱন্টন দিয়া হৈছে৷ আনহাতে এছ চি এছ পি শিতানত আৱন্টিত পুঁজিৰে ছামগুৰিৰ পৰা বনিয়াগাঁও হৈ বালি পথাৰ সংযোগী পথ নিৰ্মাণৰ কাম সম্প্ৰতি চলি আছে৷ কেন্দ্ৰীয় পথ পুঁজিৰ পৰা লাভ কৰা ৫৪.৪৮ কোটি টকাৰে কমলাবাৰীৰ পৰা বনগাঁও সংযোগী ১৮.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজুলী পথটো বৰ্তমান ৬ মিটাৰৰ পৰিবৰ্তে ৯ মিটাৰ বহলকৈ নিৰ্মাণৰ লগতে জেংৰাইমুখ হালধিবাৰী গড়কাপ্তানী পথটোৰ ১৬.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ দুই লেন পথলৈ উন্নীতকৰণ আৰু ইয়াৰে কেঁচা পথছোৱা পকীকৰণৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ বিভাগটোৱে পদক্ষেপ হাতত লৈছে৷ সহকাৰী কাৰ্যবাহী অভিযন্তাজনে লগতে জানিবলৈ দিয়ে যে, পথ-দলং নিৰ্মাণৰ কাৰণে ইতিমধ্যে ঠিকাদাৰসকলক বিধিগত ভাবে দ্বায়িত্ব ন্যস্ত কৰা হৈছে৷ আৰ চি চি দলং সহ ২.৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়মূৰ-জালুকবাৰী পথ, ২.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কেৰেলা গাঁও পথ আৰু ১.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভোগপুৰ সত্ৰৰ পথ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ মাজুলীত গ্ৰাম্য পথ যোগাযোগ আন্তঃগাঁঠনি বিকশিত কৰাৰ বাবে বিভাগটোৱে প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য চৰক যোজনাৰ অধীনত পথ মুঠ ১৩৯.৪২ কিলোমিটাৰ দৈৰ্ঘ্য সামৰা ৪২ টা পথ আৰু ৯ খন আৰ চি চি দলং নিৰ্মাণৰ কাৰণেও অনুমোদন বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে৷ এই প্ৰস্তাৱসমূহৰ ভিতৰৰে ১৫ টা পথৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে৷

You may also read!

বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত বিদ্যুতপৃষ্ট হৈ এজন কৰ্মচাৰীৰ মৃত্যু

জোনমণি বেগম বিশ্বনাথ ১৯ জুন বিশ্বনাথ চাৰিআলিৰ বিদ্যুৎ বিভাগৰ অন্তৰ্গত পাভৌ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অধীনত সংঘটিত হৈছে অঘটন। পাভৈ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ

Read More...

পথৰ ওপৰত অভিনৱ প্ৰতিবাদ ৰাইজৰ : ধৰিলে মাছ, ৰুলে কঠিয়া

জোনমণি বেগম বিশ্বনাথ ১৮ জুন হঠাৎ বিশ্বনাথত উঠিল মাছৰ উজান৷ হাতত জাল, জুলুকি, চেপাঁ লৈ মাছ ধৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ৷ কিন্তু

Read More...

নাগশংকৰ মন্দিৰৰ কাছ সমুহক যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ খাদ্য যোগান

জোনমণি বেগম বিশ্বনাথ ১৭ জুন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ পুখুৰীত থকা কাছ সমুহক কিছু পৰিমাণে

Read More...

Mobile Sliding Menu