নলবাৰী, ৮ মেঃ নলবাৰীৰ নৱ-নিৰ্বাচিত সভাপতি দিগন্ত বৰ্মনে জিলা ৰাজীৱ ভৱনত দলীয় কাৰ্যভাৰ গ্ৰহণ কৰে৷ প্ৰাক্তন সভাপতি কান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত কংগ্ৰেছ কৰ্মীসকলে নৱ-নিৰ্বাচিত সভাপতি দিগন্ত বৰ্মনক আদৰণি জনায়৷ দিগন্ত বৰ্মনে নতুন সভাপতি হিচাপে দ্বায়িত্ব ভাৰ গ্ৰহণ কৰি কৰ্মীসকলৰ সহযোগত জিলা কংগ্ৰেছক এটা নতুন গতি দিয়াৰ আশ্বাস দিয়ে৷ তেওঁ লগতে যোৱা এটা বছৰত সৰ্বানন্দ সোনোৱাল চৰকাৰে অসমত চৰকাৰ গঠনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি এতিয়াও সঠিকভাবে ৰূপায়ন কৰিব পৰা নাই মন্তব্য কৰে৷ ইয়াৰ উপৰি বিজেপিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা আঞ্চলিক দল নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলিও তেওঁ অভিযোগ কৰে৷ সভাত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ লগতে কেইবাজনো ন-পুৰণি কংগ্ৰেছ কৰ্মী উপস্থিত থাকে৷