কিশোৰ মিশ্ৰা
কোকৰাঝাৰ : বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ কদমতোলাৰ পাগলাবাবাস্থিত বৰ্তমানৰ বড়োলেণ্ড অতিথিশালাৰ ভূমিক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। ভূমি দাতাৰ পৰিয়ালে বড়োলেণ্ড অতিথিশালা নিৰ্মাণ কৰা ভূমি পুনৰ উভতাই বিচাৰিছে৷ কোকৰাঝাৰ চহৰৰ শুভাষপল্লীস্থিত নিজ বাসভৱনত আয়োজন কৰা এক সংবাদমেলত বিটিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি ভূমিখণ্ডৰ প্ৰয়াত স্বত্তাধিকাৰী উত্তম চান্দ শৰ্মাৰ নাতিয়েক তথা উত্তম চান্দ শৰ্মাৰ পুত্ৰ প্ৰয়াত সহনলাল শৰ্মাৰ পুত্ৰ ভৰত শৰ্মাই।

প্ৰয়াত সহনলাল শৰ্মাৰ পুত্ৰ ভৰত শৰ্মাই কয় যে যি খণ্ড ভূমিত বড়োলেণ্ড অতিথিশালা নিৰ্মাণ কৰা হৈছে উক্ত ভূমিত তেওঁৰ ককা উত্তম চান্দ শৰ্মাই কৃষক সকলৰ শীতল ভঁৰাল নিৰ্মাণ কৰিবৰ বাবেহে ১৯৯৯ চনত ডিআৰডিএক দান কৰিছিল। ভূমিখিনিৰ প্ৰকৃত মালিক উত্তম চান্দ শৰ্মাৰ মৃত্যুৰ পিছত সকলো দায়িত্ব পুত্ৰ সহনলাল শৰ্মাই লাভ কৰে৷ সেই অনুসৰি সহনলালে কৃষকৰ বাবে শীতল ভঁৰাল নিৰ্মাণ কৰাটো বিচাৰিছিল। কিন্তু তাৰ মাজতে ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত উক্ত ভূমিখণ্ডত ডিআৰডিএ কৰ্তৃপক্ষই শীতল ভঁৰাল নিৰ্মাণ নকৰাকৈ থকা অৱস্থাত নতুন পৰিষদীয় চৰকাৰৰ দিনত বড়োলেণ্ড অতিথিশালা নিৰ্মাণ কৰা হয়। সংবাদমেলখনত ভৰত শৰ্মাই আত্মপক্ষক সমৰ্থন কৰি কয় যে চৰকাৰে যিকোনো ধৰনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে ভূমি দাতা পৰিয়ালৰ পৰা আপত্তিবিহীন প্ৰমানপত্ৰ লোৱাটো জৰুৰী।

শৰ্মা পৰিয়ালৰ ভূমিখণ্ডত বড়োলেণ্ড অতিথিশালা নিৰ্মাণ কৰাৰ পূৰ্বে বিটিচিৰ কোনো আমোলা বিষয়াই আপত্তিববিহীন প্ৰমানপত্ৰ লৱ লাগে বুলি প্ৰয়োজনবোধ বুলি অনুভৱ নকৰিলে বুলি কয় ভৰত শৰ্মাই। ইয়াৰ পৰিৱৰ্তে পৰিয়ালটোক অন্ধকাৰত ৰাখি মুঠ ২ বিঘা ৪ কঠ ১৮ লেচা মাটিত বড়োলেণ্ড অতিথিশালাৰ প্ৰকাণ্ড অট্টালিকা নিৰ্মাণ কৰে। কোকৰাঝাৰ ৰাজহ চক্ৰৰ অধীনস্ত উক্ত ভূমিভাগ দাগ নং ৩১২, খতিয়ান নং ১৩৪ ৰ অনৰ্গত ১ বিঘা ২ কঠা ১৮ লেচা আৰু আনটোভাগ দাগ নং ২০৯, খতিয়ান নং ৮৮ ৰ অধীনত ১ বিঘা ২ কঠা মাটি আছে৷ ইয়াৰোপৰি শৰ্মাৰ পৰিয়ালে উক্ত ভূমিখণ্ডক লৈ অব্যাহত থকা হস্তান্তৰৰ লগতে দান দিয়াৰ খেলিমেলি দূৰ কৰাৰ বাবে পূৰ্বৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদীয় চৰকাৰৰ লগতে বৰ্তমানৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএচপিৰ সন্মিলীত মিত্ৰজোঁটৰ চৰকাৰৰ ওচৰত বিষয়টো নিস্পত্তিৰ বাবে আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই।

এই সকলোবোৰ বেমেজালি বিটিচিৰ একাংশ আমোলাৰ হেমাহিৰ সৃষ্টি হোৱা বুলি জানিবলৈ দি চৰকাৰৰ বিৰুদ্ধে কোনো অভিযোগ নাই বুলি উল্লেখ কৰিছে ভৰত শৰ্মাই। ভৰত শৰ্মাৰ যুক্তি ভূমিদাতা পৰিয়ালৰ আপত্তিবিহীন প্ৰমানপত্ৰ নোলোৱাকৈ কেনেকৈ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিব পাৰে। উল্লেখ্য যে সমগ্ৰ বিষয়টোৰ সু মীমাংসাৰ বাবে ভৰত শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে অন্যথা ন্যায়প্ৰাপ্তিৰ বাবে আইনৰ দ্বাৰস্থ হ’বলৈ কন্ঠাবোধ নকৰে বুলি সংবাদমেলত সদৰি কৰিছে ভৰত শৰ্মাই।