দেৰগাঁও : নৱবৰ্ষৰ প্রথমটো নিশাই সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ছাগলী চোৰৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা। দেৰগাঁৱত সংঘটিত হৈছে এই ঘটনা। গণ আক্ৰমণত কৰুণ মৃত্যু ঘটিল সঞ্জয় দাস নামৰ ৩৮ বছৰীয়া লোকজনৰ।

নৱবৰ্ষৰ প্ৰথমটো নিশাই ৰাজ্যত সংঘটিত হ’ল এক গণ আক্ৰমণৰ ঘটনা। গোলাঘাট জিলাৰ দেৰগাঁৱৰ মামৰণিত সংঘটিত হৈছে এই গণ আক্ৰমণৰ ঘটনা। নিশাৰ ভাগত ৭ জনকৈ লোকৰ গণ আক্ৰমণত সঞ্জয় দাস নামৰ এজন ৩৮ বছৰীয়া লোকৰ কৰুণ মৃত্যু ঘটে।

ছাগলী চোৰৰ সন্দেহত সঞ্জয় দাস নামৰ লোকজনক মৰিয়াই মৰিয়াই হত্যা কৰা হয়। আক্ৰমণকাৰী দলটোৱে এটা খুটাত বান্ধি নিৰ্মমভাৱে আক্ৰমণ কৰাত থিতাতে নিহত হয় সঞ্জয় দাস নামৰ লোকজন। আৰক্ষীয়ে সঞ্জয় দাসৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এই গণ আক্ৰমণ তথা হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ২ জন লোকক আটক কৰিছে। আটকাধীন লোক দুজনক আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। নৱবৰ্ষৰ প্ৰথমটো নিশাই সংঘটিত হোৱা এই গণ আক্ৰমণৰ ঘটনাত এজন লোকৰ মৃত্যু হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।