ভাস্কৰজ্যোতি মহন্ত
নাজিৰা : ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে কেইগৰাকীমান ব্যক্তিৰ প্ৰচেষ্টাত আৰম্ভ হোৱা ‘সমলয়’ ই-আলোচনীখনে এদিন দুদিনকৈ পঞ্চম বৰ্ষত ভৰি দিয়ে। ‘সমলয়’ ই-আলোচনীখনৰ উদ্যোগত আৰু বৃহত্তৰ ৰজাপুলবাসীৰ সহযোগত নাজিৰাৰ ৰজাপুল ৰাজমাও পুখুৰীৰ পাৰত দিনজোৰা কাৰ্যসূচীৰে ‘সমলয়’ৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰা হয়।

পুৱা পাতাকা উত্তোলন আৰু গছ পুলি ৰোপন কৰি অনুষ্ঠানৰ শুভাৰম্ভনি কৰা পিছত চিত্ৰাংকণ প্ৰতিযোগিতা, প্ৰীতি ভোজ, সাংস্কৃতিক অনুষ্ঠান আদিৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰ হয় অনুষ্ঠানৰ। অনুষ্ঠানটিৰ লগতে সংগতি ৰাখি ‘সমলয়’ ই-আলোচনীৰ সভাপতি শ্বাহ আলমৰ সভাপতিত্বত আয়োজন কৰা মুকলি সভা তথা ২০২২ বৰ্ষৰ পহিলা মাহৰ ‘সমলয়’ ই-আলোচনীখন উন্মোচন কৰা হয়।

উন্মোচনী অনুষ্ঠানত অতিথি হিচাপে নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যক, “লাইভ অৱ এ ড্ৰাইভাৰ” উপন্যাসৰ ঔপন্যাসিক ৰূপম দত্ত আৰু বৰ্ষ শ্ৰেষ্ঠ লেখক ৰঞ্জন চুতীয়া উপস্থিত থাকে। লগতে ভাস্কৰ্য শিল্পী কুমুদ বৰগোঁহাই, ভৱ দুৱৰা আৰু কেইবাগৰাকী ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ শেষত নাজিৰাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ‘সমলয়’ ই-আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰ আৰু আয়োজক সমিতিয়ে।