গুৱাহাটী : একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি। এজন যুৱকৰ একপক্ষীয় প্ৰেমৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী যুৱতী। যুৱকজনৰ প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই যুৱতী গৰাকীৰ ডিঙি ৰেপি হত্যা কৰিলে যুৱকজনে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীৰ সাতগাঁৱৰ আমচিং যোৰাবাটত।

গুৱাহাটী মহানগৰীত পুনৰ এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। প্ৰেম প্ৰত্যাখান কৰাৰ বাবে এগৰাকী যুৱতীক হত্যা কৰিলে এজন যুৱকে। সাতগাঁও আৰক্ষী থানাৰ অন্তৰ্গত আমচিং যোৰাবাটত মাতৃৰ সন্মুখতেই গাড়ীৰ পৰা টানি আনি দাৰে ডিঙি ৰেপি উদণ্ড যুৱকজনে হত্যা কৰে যুৱতী গৰাকীক।

যুৱতী গৰাকীক হত্যা কৰি যুৱকজনে মৃতাদেহ এএছ-০১-ইজে-৭২১২ নম্বৰৰ গাড়ীত উঠাই সোণাপুৰ অভিমুখে পলায়নৰ চেষ্টা কৰে। আৰক্ষী আৰু স্থানীয় ৰাইজে গাড়ীখনক খেদি যায় যদিও হত্যাকাৰী যুৱকজনে পলায়ন কৰিবলৈ সক্ষম হয়। আমচিং যোৰাবাটৰ দহ মাইলত গাড়ীৰ পেট্ৰল শেষ হোৱাত গাড়ীখনৰ ভিতৰত মৃতদেহ এৰি যুৱকজন পলায়ন কৰে।

পিছত আৰক্ষী আৰু ৰাইজে মৃতদেহ আৰু গাড়ীখন উদ্ধাৰ কৰি সাতগাঁও আৰক্ষী থানালৈ লৈ যায়। আৰক্ষীয়ে পলাতক হত্যাকাৰী যুৱকজনক বিচাৰি তীব্ৰ অভিযান চলাই আছে। উল্লেখ্য যে, আমচিং যোৰাবাটৰ শান্তিবস্তিৰ বাসিন্দা সঞ্জয় লালুঙে দীৰ্ঘদিন ধৰি ওচৰৰ মৰমী তাঁতী নামৰ যুৱতী গৰাকীক প্ৰেমৰ প্ৰস্তাব দি আহিছিল।