গুৱাহাটী
১১ জুলাই

ভাৰতৰ আগশাৰীৰ চিমেণ্ট কোম্পানী আৰু ডালমিয়া ভাৰত লিমিটেডৰ অধীনস্থ ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডে, দেশজুৰি আক্ৰমণ কৰা ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌৰ প্ৰতি নজৰ ৰাখি, উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যজুৰি থকা কোম্পানীৰ অংশদাৰীসকলৰ মাজত ৩০০০ ক’ভিড সুৰক্ষা কিট বিতৰণ কৰে। ক’ভিড সৃষ্ট এই ভয়াবহ আৰু প্ৰত্যাহ্বানমূলক সময়তো ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াই থকা সকলৰ মাজত এই কিট বিতৰণ কৰা হয়।

এই পদক্ষেপৰ বিষয়ে চমুকৈ বাখ্যা আগবঢ়াই ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডৰ কাৰ্যবাহী সঞ্চালক ইন্দ্ৰজিৎ চেটেৰ্জীয়ে কয়, ”ডালমিয়া চিমেণ্টত আমি জনাবলৈ পাই সুখী হৈছো এই পেণ্ডেমিকৰ সময়ত আমাৰ কৰ্মচাৰী, ডীলাৰ আৰু অন্যান্য অংশদাৰীসকলৰ সুৰক্ষাৰ বাবে আমি আমাৰ তৰফৰ পৰা কিছু পদক্ষেপ হাতত লৈছো। এই পদক্ষেপৰ লক্ষ্য হ’ল আমাৰ সহযোগীসকলক প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰা যিয়ে কাউণ্টাৰত থকা তেঁওলোকৰ দলীয় কৰ্মীসকল আৰু গ্ৰাহকসকলক ক’ৰোণা ভাইৰাচৰ সংক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰিব।

উত্তৰ-পূৰ্বাঞ্চলত ক’ৰোণাৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি আমি ৰাইজক সুৰক্ষা নিয়মাৱলী মানি চলিবলৈ অনুৰোধ জনাইছো বুলিও কয় কাৰ্যবাহী সঞ্চালক গৰাকীয়ে। ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱে ব্যক্তিগত স্বাস্থ্য সুৰক্ষা বিধি আৰু পৰিপোষণৰ প্ৰয়োজন আৰু সকলোৰে মাজত সুৰক্ষাৰ অভ্যাসৰ প্ৰচাৰ জৰুৰী কৰি তুলিছে। ডালমিয়া চিমেণ্টৰ ক’ভিড সুৰক্ষা কিট তিনিটা আকৃতিত উপলব্ধ হৈছে, বৃহৎ, যোগ্য আৰু ক্ষুদ্ৰ আৰু প্ৰত্যেক কটিতে তিনি তৰপীয়া কটন মাস্ক, চাৰ্জিকেল মাস্ক আৰু “ডালমিয়া সঞ্জীৱনী” হেণ্ড চেনিটাইজাৰ উপলব্ধ হৈছে।

সৰ্বমুঠ, ৩০০০ কিট উত্তৰ-পূৰ্বাঞ্চলজুৰি থকা ৰিটেইল কাউণ্টাৰৰ মাজত বিতৰণ কৰা হয়। সুৰক্ষা কিটৰ বাদেও, কোম্পানীয়ে নিৰ্বাচিত কিছু সংখ্যক ডীলাৰক কাউণ্টাৰ সুৰক্ষা শ্বীল্ড আৰু ক’ভিড বীমা প্ৰদান কৰিছে। এই সুৰক্ষা কিটসমূহ ৰাজমিস্ত্ৰী, নিৰ্মাণস্থলীত কৰ্মৰত শ্ৰমিক, ঠিকাদাৰ আৰু প্ৰযুক্তি বিশেষজ্ঞসকলৰ মাজতো বিতৰণ কৰা হয়। ইয়াৰ দ্বাৰা, ডালমিয়া (চিমেণ্ট) ভাৰত লিমিটেডয়ে ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে চলি থকা সমুহীয়া যুঁজখন শক্তিশালী কৰাৰ লক্ষ্য কৰি লৈছে।