ধিং

১১ জুলাই

দেওবাৰে পুৱতি নিশা নগাঁৱত আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত নিহত হ’ল নগাঁৱৰ কুখ্যাত অপৰাধী জয়নাল আবেদিন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যোৱাত পলায়ন কৰাৰ চেষ্টা চলাইছিল কুখ্যাত অপৰাধী জয়নাল আবেদিন। বহু অপৰাধৰ লগত জড়িত আছিল জয়নাল আবেদিন।

নগাঁও জিলাৰ ধিংৰ অন্তৰ্গত বৰভেটিত দেওবাৰে পুৱতি নিশা আৰক্ষীৰ গুলীত নিহত হয় জয়নাল আবেদিন নামৰ এজন কুখ্যাত অপৰাধী। কিছুদিন পূৰ্বে নগাঁৱৰ এক ডকাইতিকাণ্ডৰ লগত জড়িত আছিল কুখ্যাত অপৰাধী জয়নাল আবেদিন। আৰক্ষীয়ে জয়নাল আবেদিন ধিংৰ বৰভেটিত আত্মগোপন কৰি থকাৰ এক খবৰ লাভ কৰি পুৱতি নিশা অভিযান চলাইছিল।

বৰভেটিত অভিযান চলাই আৰক্ষীয়ে জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে কুখ্যাত অপৰাধী জনে পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষী গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত ঘটনাস্থলীতে নিহত হয় কুখ্যাত অপৰাধী জয়নাল আবেদিন। আৰক্ষীৰ গুলীত নিহত জয়নাল আবেদিন বহু অপৰাধৰ লগত জড়িত আছিল।

আৰক্ষীয়ে কুখ্যাত মাফিয়া জয়নাল আবেদিনৰ কবলৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰে। জয়নাল আবেদিন ধিং আৰক্ষীক আক্ৰমণ কৰাৰ গোচৰতো অভিযুক্ত আছিল। এগৰাকী আৰক্ষী বিষয়াক দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাইছিল নিহত কুখ্যাত অপৰাধীজনে। নগাঁৱৰ বিভিন্ন প্ৰান্তত ডকাইতিকাণ্ডৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল জয়নাল আবেদিনে।