তেজপুৰ

১০ জুলাই

শনিবাৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা সভাত মিলিত হয়। জিলখন ক’ভিড সংক্ৰমণৰ কেন্দ্ৰলৈ পৰিণত হোৱাত জিলাখনৰ অবৈধ সুৰাৰ ঘাটি সমূহ অহা দুদিনৰ ভিতৰত উচ্ছেদ কৰিবলৈ জিলাৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।সভাত মন্ত্ৰীগৰাকীয়ে শোনিতপুৰ জিলাৰ সামগ্ৰিক ক’ভিড পৰিস্থিতিৰ বুজ লয়৷

উল্লেখ্য যে, বিগত কিছুদিন ধৰি জিলাখনত বাঢ়ি অহা ক’ভিড ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কৰা এক বিশ্লেষণত অবৈধ সুৰাৰ ঘাটি সমূহৰ পৰাই ক’ভিড সংক্ৰমণ হৈছে বুলি তথ্য পোৱা গৈছে৷ বিশেষকৈ জিলাখনৰ বালিপাৰা আৰু জামুগুৰি এলেকাত এনে ধৰণৰ ক’ভিড সংক্ৰমণ বেচি হোৱা পৰিলক্ষিত হৈছে৷ এই তথ্যৰ ভিত্তিত জিলাৰ আবকাৰী বিভাগে ইতিমধ্যে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু শুকুৰবাৰৰ দিনটোত জিলাখনৰ বিভিন্ন অঞ্চলত চলোৱা অভিযানত ২৫০ লিটাৰ মদ, ১৭০০ লিটাৰ ফাৰমেণ্টেড ৱাছ, আৰু ১২ টা মদ বনোৱা সঁজুলি জব্দ কৰে৷

উল্লখে যে, শুকুৰবাৰৰ দিনটোত বালিপাৰা আবকাৰী চক্ৰৰ অন্তৰ্গত বালিপৰা, আমৰিবাৰী, উপৰ কচাৰিগাঁও, জামুগুৰি আবকাৰী চক্ৰৰ অন্তৰ্গত ৰঙাচকুৱা, টুপীয়া, নায়কবস্তি, ঢলাইবিল, আৰু তেজপুৰ আবকাৰী চক্ৰৰ অধীনত পাটগাঁও আৰু আদাবাৰি এলেকাত আবকাৰী বিভাগে অভিযান চলাই অসম আবকাৰী আইনৰ অধীনত ৬ টা গোচৰ ৰুজু কৰিছে৷ অবৈধ সুৰাৰ বিৰুদ্ধে একেধৰণৰ অভিযান গোটেই ৰাজ্যখনতে চলোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানবলৈ দিয়ে৷ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক’ভিড পৰিস্থিতি পুণৰ নিয়ন্ত্ৰলৈ অনাৰ স্বাৰ্থত লকডাউন অমান্যকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা তথা আৰক্ষী প্ৰশাসনক নিৰ্দেশ দি এনে কৰিলে অহা ১০ দিনৰ ভিতৰত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহিব বুলি আশা প্ৰকাশ কৰে৷

স্বাস্থ্য বিভাগৰ বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে ক’ভিড ৰোগী বেচিকৈ বৃদ্ধি পোৱা স্পৰ্শকাতৰ এলেকা চিনাক্তকৰণ কৰি ইয়াত ক’ভিড-১৯ সংক্ৰমণ নিৰূপণৰ বাবে অত্যাধিক সংখ্যাত ৰেট পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে অধিক সংখ্যাত প্ৰতিষেধক প্ৰদান কৰাৰ কাৰ্যসূচীও গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ লগতে এনে স্পৰ্শকাতৰ এলেকা সমূহক কন্টেইনমেন্ট এলেকা হিচাপে ঘোষণা কৰি ভিতৰত বাস কৰা লোক সকলে যাতে সকলো সময়তে কন্টেইনমেন্টৰ নিয়ম মানি চলে তাক নিশ্চিত কৰিবলৈ স্থানীয় ৰাজহ চক্ৰ বিষয়াসকলক দ্বায়িত্ব দিয়ে৷ মন্ত্ৰীগৰাকীয়ে লগতে কোনো ক’ভিড আক্ৰান্ত ৰোগীকে গৃহত থাকি চিকিৎসা গ্ৰহণৰ অনুমতি নিদিবলৈ পৰামৰ্শ দিয়ে। উল্লেখ্য যে শনিবাৰৰ দিনটোত শোণিতপুৰ জিলাত কেৱল ২ জন ক’ভিড ৰোগীকহে গৃহ পৃথকিকৰণত থাকিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷

আনহাতে, জিলাখনত ক’ভিডত আক্ৰান্ত শিশুৰ সংখ্যা বাঢ়ি অহাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ পৰুৱাস্থিত মাতৃ আৰু শিশু চিকিৎসালয়ৰ উপৰিও আন এক ক’ভিড কেয়াৰ চেন্টাৰ প্ৰস্তুত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে অভিভাৱক মন্ত্ৰীগৰাকীয়ে৷ সভাত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথিৰাজ ৰাভা, প্ৰধাণ সচিব তথা শোণিতপুৰ জিলাৰ অভিভাৱক সচিব ৰাজেশ প্ৰসাদ, জিলা উপয়ুক্ত ভূপেশ চন্দ্ৰ দাস, আৰক্ষী অধীক্ষক ডা০ ধনঞ্জয় ঘনাৱাটৰ আৰু জিলা প্ৰশাসনৰ তথা স্বাস্থ্য বিভাগৰ অনান্য উচ্চপদস্থ বিষয়া উপস্থিত থাকে। সভাত জল জীৱন মিচন আৰু অনান্য উন্নয়নমূলক কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে পিএম কিচান আচঁনিৰ হিতাধিকাৰী নাম পুণৰ নিৰীক্ষণ কৰা কাৰ্যৰ মন্ত্ৰীগৰাকীয়ে বুজ লয়।