আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : শিৱসাগৰত পুৱতি নিশা সংঘটিত হৈছিল এক পথ দুর্ঘটনা। এখন ট্ৰাক আৰু কন্টেইনাৰ মাজত হোৱা সংঘৰ্ষৰ পিছত পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য। দুর্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ পৰা উদ্ধাৰ সুৰা আৰু কন্টেইনাৰখনৰ ভিতৰত আছিল গৰু।

পুৱতি নিশা শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। এনআৰএল তেল ডিপুৰ সন্মুখত এখন ট্ৰাক আৰু কন্টেইনাৰৰ মাজত সংঘটিত হয় সংঘর্ষ। দুৰ্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতে আৰক্ষীৰ চকু উঠে কপালত।

দুর্ঘটনাগ্ৰস্ত ট্ৰাকখন আৰু কন্টেইনাৰখনৰ ভিতৰতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে সুৰা আৰু গৰু। দুর্ঘটনাগ্ৰস্ত ইউপি-২১-চিটি-১৫৪০ নম্বৰৰ কন্টেইনাৰ আৰু ইউপি-১৫-এটি-৫০৩৫ নম্বৰৰ ট্ৰাকখনৰ পৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সুৰা আৰু ৩৭ টা গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে।

তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল গৰু ভৰ্তি কন্টেইনাৰখন। আনহাতে ট্ৰাকখনে কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ সুৰা। দুৰ্ঘটনাৰ পিছতে কন্টেইনাৰখনৰ চালক আৰু হেণ্ডিমেনজনে দুর্ঘটনাস্থলীত পৰা পলায়ন কৰে। আৰক্ষীৰ তদন্ত অব্যাহত আছে।