কালগাছিয়া : ২ লাখ ৭৬ হাজাৰ টকাৰ জাল নোটসহ এজন গ্ৰেপ্তাৰ। এখন চাহৰ দোকানত আৰক্ষীয়ে অভিযান চলাই জাল নোটসহ গ্ৰেপ্তাৰ কৰে জাল নোটৰ ব্যৱসায়ীজনক। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান।

বৰপেটা জিলাৰ কলগাছিয়াৰ শওপুৰত জাল নোটসহ ইন্তাজ আলী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইন্তাজ আলী নামৰ জাল নোটৰ ব্যৱসায়ীজনৰ কবলৰ পৰা আৰক্ষীয়ে নগদ ২ লাখ ৭৬ হাজাৰ টকাৰ জাল নোট উদ্ধাৰ কৰে। ইন্তাজ আলীৰ ঘৰ হাউলীৰ কুমুল্লীয়াপাৰাত।

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰ বেকী দলংৰ পূব প্ৰান্তত থকা এখন চাহৰ দোকানত কলগাছিয়া আৰক্ষীয়ে অভিযান চলাই নগদ ২ লাখ ৭৬ হাজাৰ টকাৰ দুহেজাৰ টকীয়াৰ জাল নোটসহ ইন্তাজ আলীক হাতে লোতে গ্ৰেপ্তাৰ কৰে। যুৱকজন হাউলী থানাৰ অন্তৰ্গত কুমুল্লীয়াপাৰাৰ কাশেম আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

যুৱকজনে জাল নোট সমূহ সৰবৰাহ কৰিবলৈ শওপুৰ বেকী দলঙৰ কাষতে থকা চাহৰ দোকানত বহি থকা অৱস্থাত কলগাছিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।