কোকৰাঝাৰ : গৰু সৰবৰাহকাৰীৰ ভৰিত আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত আহত হ’ল গৰু সৰবৰাহকাৰী খাইৰুল ইছলাম। খাইৰুল ইছলামক লগত লৈ আৰক্ষীয়ে অন্য গৰু সৰবৰাহকাৰীক বিচাৰি অভিযান চলাইছিল। আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে খাইৰুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰে।

শনিবাৰে পুৱতি নিশা কোকৰাঝাৰত আৰক্ষীয়ে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অভিযান চলায়। আৰক্ষীয়ে পুৱতি নিশা গৰু সৰবৰাহকাৰী খাইৰুল ইছলামক আটক কৰি খাইৰুল ইছলামক লগত লৈ অন্য গৰু সৰবৰাহকাৰীক বিচাৰি অভিযান চলাইছিল। অভিযানৰ সময়তে পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে খাইৰুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰে।

অভিযানকালত খাইৰুল ইছলামে আৰক্ষী পৰিদৰ্শক দিব্যজ্যোতি কলিতাৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে খাইৰুল ইছলামৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলী খাইৰুল ইছলামৰ সোঁভৰিত লগাত খাইৰুল ইছলাম গুৰুত্বৰভাৱে আহত হয়। আৰক্ষীয়ে আহত খাইৰুল ইছলামক আটক কৰি কোকৰাঝাৰৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰে।

পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গৰু সৰবৰাহকাৰী খাইৰুল ইছলামক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। খাইৰুল ইছলাম দীর্ঘদিন ধৰি গৰু সৰবৰাহৰ লগত জড়িত বুলি জানিব পৰা গৈছে। খাইৰুল ইছলামৰ বাংলাদেশলৈ গৰু সৰবৰাহ কৰিছিল। গৰু সৰবৰাহকাৰী খাইৰুল ইছলামৰ ঘৰ জাউলিয়াপাৰাত।