বিশ্বনাথ : মৎস্য পালনৰ ওপৰত বিশেষ প্ৰশিক্ষণ শিবিৰ। পাভৈ ফিছ ফাৰ্মত আশাৰ ৰেঙণী মেলিছে বহু মীণ পালকে। মৎস্য পালনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে বিশ্বনাথৰ এখন ফিছ ফাৰ্ম। এই ফাৰ্মখন বিশ্বনাথৰ পাভৈত অৱস্থিত। বিশ্বনাথৰ পাভৈস্থিত এই ফিছ ফাৰ্মত মৎস্য পালনৰ ওপৰত এক বিশেষ প্ৰশিক্ষণৰ আয়োজন কৰা হয়।

ৰহাৰ মীণ মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টাত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনস্থ শীতল জল মীণ গৱেষণা প্ৰতিষ্ঠান ভীমতাল, উত্তৰাখণ্ডৰ আৰ্থিক সহযোগত আয়োজন কৰা হয় এদিনীয়া বিশেষ দক্ষতা বিকাশৰ প্ৰশিক্ষণ।অনুসূচিত জাতি উন্নয়ন আঁচনিৰ অধীনত বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫০ জনকৈ পুৰুষ-মহিলাক প্ৰদান কৰা হয় মৎস্য পালনৰ প্ৰশিক্ষণ। মৎস্য পালনৰ ক্ষেত্রত বিভিন্ন দিশত ল’ব লগা সাৱধানতা সম্পৰ্কে এই শিবিৰত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

ডঃ পবিত্ৰ কুমাৰ চহৰীয়াই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে পাভৈ ফিছ ফাৰ্মৰ অন্যতম প্ৰতিষ্ঠাতা স্বত্বাধিকাৰী বীৰেণ ভাগৱতী, স্বত্বাধিকাৰী ভাৰ্গব ভাগৱতী, প্ৰকল্প সমন্বয়ক কৌস্তৱ ভাগৱতী , মীন মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপক ড’ সুশান্ত বৰঠাকুৰ, ড’ দিপক শৰ্মা, সঙ্গীপ্ৰাণ বৈশ্যসহ বিশ্বনাথ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ। শিবিৰত ১৫ জন হিতাধিকাৰীক মাছৰ পোনা, উন্নত জাতৰ হাঁহৰ পোৱালীসহ অন্যান্য বহু সামগ্ৰী বিতৰণ কৰা হয়।