মানকাচৰ : এইবাৰ অপৰাধীক লক্ষ্য কৰি বিএছএফৰ গুলী চালনা। বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী। ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হৈছে এই ঘটনা। কাঁইটীয়া তাঁৰৰ ওপৰেৰে বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলাওঁতে বিএছএৰ গুলী নিহত গৰু সৰবৰাহকাৰী মহাম্মদ আলী।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত সংঘটিত হৈছে গুলী চালনাৰ ঘটনা। বিএছএফৰ গুলীত নিহত হৈছে গৰু সৰবৰাহকাৰী মহম্মদ আলী নামৰ এজন লোক। বিএছএফৰ সূত্ৰে জানিব দিয়া মতে ১০-১২ জনীয়া গৰু সৰবৰাহকাৰী দল এটাই কেইবাটাও গৰু লৈ সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত উপস্থিত হয় মানকাচৰৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তত।

গৰু সৰবৰাহকাৰীৰ দলটো সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে বাংলাদেশলৈ গৰু পাৰ কৰিবলৈ চেষ্টা চলাওঁতে বিএছএফে দেখা পাই গৰু সৰবৰাহকাৰীৰ দলটোক বাধা প্ৰদান কৰে। কিন্তু গৰু সৰবৰাহকাৰীৰ দলটোৱে বিএছএফক আক্ৰমণ কৰে। বিএছএফে প্ৰত্যুত্তৰত গুলী চালনা কৰিবলৈ বাধ্য হয়। বি এছ এফে গুলী চালনা কৰাত গৰু সৰবৰাহকাৰী দলটো ছত্ৰভংগ হৈ পলায়ন কৰে।

বিএছএফৰ গুলীত গৰু সৰবৰাহকাৰীৰ দলটোৰ মহম্মদ অলী নামৰ এজন সদস্য গুলীবিদ্ধ হৈথিতাহে নিহত হয়।।বিএছএফে গুলীবিদ্ধ মহম্মদ অলীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মহম্মদ আলীক মৃত বুলি ঘোষণা কৰে। মানকাচৰৰ গুডলিগাঁও বিএছএফ কেম্পৰ।অধীনৰ মণ্ডলকান্ধিত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। নিহত মহম্মদ আলীৰ ঘৰ মণ্ডলকান্দি গাঁৱত বুলি জানিব পৰা গৈছে।