ৰাণী : মহানগৰীৰ সমীপৱৰ্তী ৰাণীত পুনৰ বনৰীয়া হাতীৰ সন্ত্ৰাস। ৰাণী বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন যুৱক। হাতীৰ আক্ৰমণত নিহত হোৱা যুৱকজনৰ নাম ৰাজীৱ বড়ো।

ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী ৰাণী বনাঞ্চলৰ কাষৰীয়া অঞ্চল সমূহত প্ৰায়ে বনৰীয়া হাতীৰ জাক খেতি পথাৰত প্ৰৱেশ কৰি খেতি নষ্ট কৰাৰ লগতে মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে।

দেওবাৰে নিশাৰ ভাগত পুনৰ বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত এজন যুৱকক নিহত হয়। ৰাণীৰ আন্ধেৰীজুলিৰ হাথাবড়ী খেতি পথাৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় ৰাজীৱ বড়ো নামৰ এজন ৩৪ বছৰীয়া যুৱক।