দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ অসম-মেঘালয় সীমান্তৰ হাজিৰহাটত পৰম্পৰাগত নাওঁ খেল। চূড়ান্ত বিজয়ী টাকীমাৰী দল। বিগত প্ৰায় ৭০ বছৰ ধৰি হাজিৰহাটত এই পৰম্পৰাগত নাওঁ খেলখন অনুষ্ঠিত হৈ আহিছে। প্ৰতিবছৰে স্বাধীনতা দিৱস উপলক্ষে জিঞ্জিৰাম নদীত অনুষ্ঠিত হয় এই পৰম্পৰাগত নাওঁ খেলখন।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ হাজিৰহাটৰ টাকীমাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নাওঁ খেলত টাকীমাৰী দল চূড়ান্ত বিজয়ী হ’বলৈ সক্ষম হয়। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা সমষ্টিৰ হাজিৰহাট গাঁও পঞ্চায়তৰ অসম-মেঘালয় সীমান্তৰ টাকীমাৰীত জিঞ্জিৰাম নদীত বিগত প্ৰায় ৭০ বছৰ ধৰি এই পৰম্পৰাগত নাওঁ খেলখন অনুষ্ঠিত হৈ আহিছে।

প্ৰতিবছৰে স্বাধীনতা দিৱস উপলক্ষে জিঞ্জিৰাম নদীত অনুষ্ঠিত হয় এই পৰম্পৰাগত নাওঁ খেলখন। স্বাধীনতা দিৱসৰ সময়ত ক’ভিড প্ৰট’কল থকাৰ বাবে এইবাৰ সময়মতে নাওঁ খেলখন অনুষ্ঠিত নহয় যদিও ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ ফলত দুদিনীয়া কাৰ্যাসূচীৰে ১৯ আৰু ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হয় এই নাওঁ খেলখন। লোকে লোকাৰণ্য হৈ পৰা নাওঁ খেলখনত মুঠ ৬ টাকৈ দলে অংশগ্ৰহণ কৰে।

লোকগীতৰ তালে তালে জিঞ্জিৰাম নদীৰ নাওঁ খেল প্ৰতিযোগিতা চলি থকা সময়ত জিঞ্জিৰাম নদীৰ দুয়োপাৰে প্ৰায় ১০ সহস্ৰাধিক লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। সোমবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত নাওঁ খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। স্থানীয় টাকীমাৰী দল আৰু বোৱালীয়াচৰ গাঁৱৰ মাজত অনুষ্ঠিত হয় প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন।

চূড়ান্ত খেলখনত টাকীমাৰী দলে বোৱালীয়াচৰ দলক পৰাস্ত কৰি চূড়ান্ত বিজয়ী হ’বলৈ সক্ষম হয়। চূড়ান্ত বিজয়ী দলক এটা পঠা ছাগলী পুৰস্কাৰ হিচাপে দিয়া হয়। নাওঁ খেলখনক লৈ টাকীমাৰী এলেকাৰ লগতে সমগ্ৰ হাজিৰহাটত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে প্ৰতিবছৰে অনুষ্ঠিত হোৱা এই পৰম্পৰাগত নাওঁ খেলখনত অংশগ্ৰহণ কৰিবলৈ দূৰ দূৰণিৰ পৰা দল আহে।