গুৱাহাটী : পুনৰ মুকলি হ’ব ৰাজ্যৰ ছবিগৃহ সমূহ। ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে দীর্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ ছবিগৃহ সমূহ পুনৰ মুকলি কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। অৱশ্যে ক’ভিড সম্পর্কীয় নীতি-নিৰ্দেশনাৰ মানিহে ছবিগৃহ সমূহ মুকলি হ’ব।

ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এছঅ’পি’ত ক’ভিডৰ বাবে দীর্ঘদিন ধৰি বন্ধ হৈ থকা ছবিগৃহ সমূহ পুনৰ মুকলি কৰাৰ অনুমতি প্ৰদান কৰিছে। ৫০ শতাংশ দৰ্শকলৈ ছবিগৃহ সমূহক ছবিগৃহ মুকলি কৰাৰ অনুমতি দিয়া হৈছে।

অৱশ্যে দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা দৰ্শকহে ছবিগৃহত প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ লগতে ছবিগৃহ সমূহত সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি চলিব লাগিব। উল্লেখ্য যে দীর্ঘদিন ধৰি বন্ধ হৈ থকা ছবিগৃহ সমূহৰ মালিক-কৰ্মচাৰীয়ে ছবিগৃহ পুনৰ মুকলি কৰাৰ দাবীত কিছুদিন পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

আনহাতে ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগত ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত সকলো পক্ষৰ আলোচনা অব্যাহত আছে।
ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব। ইফালে স্থায়ী প্ৰেক্ষাগৃহত ৫০ শতাংশ আসনত দৰ্শকৰ উঅস্থিতিত ক’ভিড প্ৰট’কল মানি নাট প্ৰদৰ্শনৰ অনুমতি দিয়া হৈছে যদিও শিল্পী, কলা-কুশলী, দৰ্শক সকলোৱে দুয়োপালি প্ৰতিষেধক ল’ব লাগিব।

ৰাজ্য চৰকাৰৰ নতুন এছঅ’পি’ত ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰতো শিথিলতা প্ৰদান কৰা হৈছে। নতুন এছঅ’পি অনুসৰি নিশা ১০.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব। নিশা ৯.০০ বজালৈ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰাখিব পাৰিব। পূৰ্বে ৮ বজালৈ এই সুবিধা আছিল।

মুকলি স্থানৰ সভা-সমিতি আৰু ৰাজহুৱা অনুষ্ঠানত দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা ৫০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব। সভা-সমিতি আৰু ৰাজহুৱা অনুষ্ঠানৰ বাবে জিলা উপায়ুক্তৰ অনুমতি লব লাগিব। বিয়াৰ অভ্যৰ্থনা আদিত দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব।

ইফালে ৰাজ্যৰ বিখ্যাত ধৰ্মীয়স্থানসমূহত প্ৰতি ঘণ্টাত দুয়োপালি প্ৰতিষেধক লোৱা ৬০ গৰাকী লোকক দৰ্শনৰ অনুমতি দিয়া হৈছে। আনহাতে আন ধৰ্মীয়স্থান সমূহত ৪০ গৰাকী লোকৰ দৰ্শনৰ অনুমতি আছে।

দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰে সকলো শিক্ষা প্ৰতিষ্ঠানত পাঠদানত আৰম্ভ কৰাৰো অনুমতি দিয়া হৈছে নতুন এছঅ’পি’ত। শিক্ষানুষ্ঠানৰ মূৰব্বী সকলে শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ বেনাৰ ৰাইজে দেখা পোৱাকৈ শিক্ষানুষ্ঠান চৌহদৰ সন্মুখত লগাই ৰাখিব লাগিব।