দক্ষিণ শালমাৰা, ২৪ জুলাইঃ দক্ষিণ শালমাৰাৰ সাদুল্লাবাৰী মুন্তাজ আলি ছিনিয়ৰ মাদ্ৰাছা স্কুলত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ চাউল জব্দ কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, মুন্তাজ আলি ছিনিয়ৰ মাদ্ৰাছা স্কুলত দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজন নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ মাদ্ৰাছাখনৰ নামত মধ্যাহ্ন ভোজনৰ চাউল আৱন্টন দিয়াৰ পিছতো প্ৰধান শিক্ষকে দীৰ্ঘদিন ধৰি স্কুলখনত দুপৰীয়া আহাৰৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছিল৷ প্ৰধান শিক্ষকৰ এনে গাফিলতিৰ বিৰুদ্ধে কালাপানী স্কুলত গোচৰ দাখিল কৰাৰ পাছত আৰক্ষী মাদ্ৰাছা খনত উপস্থিত হৈ অভিযান চলায়৷ মাদ্ৰাছাৰ গুদামৰ পৰা আৰক্ষীয়ে ৪৬ বস্তা দুপৰীয়া আহাৰৰ চাউল জব্দ কৰে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও প্ৰধান শিক্ষকজনে দুপৰীয়া আহাৰৰ চাউল আত্মসাত কৰাৰ অভিযোগ আছে৷ স্থানীয় লোকে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি প্ৰধান শিক্ষকক গ্ৰেপ্তাৰৰ দাবী জনাইছে৷