মানিকপুৰ ২৪ জুলাইঃ বঙাইগাঁৱৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰা বজাৰত নিশা চোৰে এখন মোবাইল দোকানৰ পৰা বৃহৎ পৰিমানৰ সামগ্ৰী চুৰি কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, শাহজাহান আলীৰ দোকানত নিশা চোৰে তলা আৰু লোহাৰ পাতি ভাঙি ভিতৰত প্ৰৱেশ কৰি লুট-পাট কৰে। চোৰে কম্পিউটাৰ আৰু মোবাইল ছেট সহ প্ৰায় দুই লাখ টকাৰ সামগ্ৰী  লুট কৰে। কিন্ত জামদহা বজাৰত সকলো সামগ্ৰী সহ চোৰক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ ১৪ বছৰীয়া এটা শিশুৱে দোকানৰ তলা ভাঙি বৃহৎ পৰিমানৰ সামগ্ৰী লুট কৰি পলায়নৰ চেষ্টা কৰা কাৰ্যই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, অঞ্চলটোত অত্যাধিক জুৱা-তীৰ খেলৰ প্ৰচলনৰ বাবে এনে ঘটনা সংঘটিত কৰিছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে৷ ইয়াৰ পূৰ্বেও ভাণ্ডাৰা বজাৰত একাধিক বাৰ চুৰি ঘটনা সংঘটিত হৈছে।