মুকালমুৱা, ২৪ জুলাইঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বিক্ৰীৰ লগত জড়িত থকাৰ অভিযোগত মুকালমুৱা আৰক্ষীয়ে তিনি সমবায়ৰ এজেন্টক আটক কৰে৷ উল্লেখযোগ্য যে, ২০ জুলাইৰ নিশা মুকালমুৱাৰ ব্ৰহ্মপুত্ৰৰ পেৰাধৰা ঘাটত মুকালমুৱা আৰক্ষী আৰু সাংবাদিকৰ যৌথ অভিযানত ৮০ কুইন্টল চোৰাং চাউলৰ জব্দ কৰাৰ লগতে চাৰিজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছিল৷ চোৰাং চাউলৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আজি পশ্চিম বৰক্ষেত্ৰী সমবায় সমিতিৰ তিনিজন এজেন্টক আটক কৰে৷ আটকাধীন তিনিওজন ক্ৰমে মিৰাণ হুছেইন, বাহৰুল ইছলাম আৰু মহচিন আলী৷ আৰক্ষীয়ে ইতিমধ্যে তিনিওজন এজেন্টক সোধপোচ অব্যাহত ৰাখিছে৷ মুকালমুৱা আৰক্ষীয়ে চোৰাং চাউলৰ ব্যৱসায়ৰ লগত জড়িত আন কেইবাজনো এজেন্টক আটক কৰিবলৈ সক্ষম হ’ব বুলি মতামত ব্যক্ত কৰে৷ উল্লেখ্য যে, চোৰাং চাউলৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে পূৰ্বে আটক কৰা পশ্চিম বৰক্ষেত্ৰী সমবায় সমিতিৰ সচিব আতোৱাৰ ৰহমানক জেৰা চলাই আৰক্ষীয়ে বহু গুৰুত্বপুৰ্ণ নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে৷