সোনাপুৰ, ৩ জুলাইঃ গো ৰক্ষাৰ নামত সোনাপুৰত গৰু কঢ়িয়াই অনা গাড়ী চালকক আক্ৰমন কৰা এজন আক্ৰমণকাৰীক সোনাপুৰ আৰক্ষীয়ে আটক কৰিছে। অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্রধান মুকেশ চাহায়ৰ নিৰ্দেশত আৰক্ষীৰ এক দলে ডিমৰীয়াৰ বিভিন্ন অঞ্চলত অভিযান চলাই বিজু কাথাৰ নামৰ এজন যুৱকক আটক কৰে। এই ঘটনাৰ লগত জড়িত থকা অন্যান্য ব্যক্তিসকলৰ সন্ধানত আৰক্ষীয়ে সমগ্ৰহ অঞ্চলত অভিযাম তীব্ৰ কৰি তুলিছে। উল্লেখ্য যে সোনাপুৰৰ পাঠৰকুচিত হিন্দু ছাত্ৰ পৰিষদৰ সদস্যসকলে তিনিখনকৈ গাড়ী আটক কৰি মুঠ ৪৮টা গৰু জব্দ কৰিছিল। উজনি অসমৰ তিনিচুকীয়াৰ পৰা মহানগৰীৰ ন মাইল স্থিত গৰু বজাৰলৈ অনাৰ সময়ত পাঠৰকুচিত হিন্দু ছাত্ৰ পৰিষাদৰ সদস্যসকলে জব্দ কৰিছিল গৰুখিনি। গো ৰক্ষাৰ নামত গৰুখিনি জব্দ কৰাৰ পিছত ঈর্ষাদুল খান নামৰ এজন চালকক বেয়াকৈ আক্ৰমণ কৰাৰ ভিডিঅ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত ৰাজ্যৰ লগতে সমগ্ৰহ দেশতে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়।