দৰং, ১০ মাৰ্চ, ২০২৪ : এক নৃশংস ঘটনা সংঘটিত হৈছে ৰাজ্যত। এগৰাকী মহিলা শ্ৰমিকক (Lady Labour) ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছে। ইটা ভাটাৰ মহিলা শ্ৰমিকক প্ৰথমে ধৰ্ষণ কৰি পিছত নৃশংসভাৱে হত্যা। ইটা ভাটাত মহিলা গৰাকীৰ লগত একেলগে শ্ৰমিক হিচাপে কৰ্মৰত দুজন শ্ৰমিকে সংঘটিত কৰিছে এই জঘন্য কাণ্ড। চি চি টিভি কেমেৰাত আৱদ্ধ হোৱা চাঞ্চল্যকৰ দৃশ্যই পোহৰলৈ আনিছে এই জঘন্য কাণ্ড।

দৰং জিলাত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। ইটা ভাটাত শ্ৰমিক হিচাপে কৰ্মৰত বিবাহিতা মহিলা শ্ৰমিক গৰাকীক দুজন লোকে ধৰ্ষণ কৰাৰ পিছতে হত্যা কৰে। দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত পূব নাওদিঙাত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা। নাওদিঙাৰ এম জে বি নামৰ ইটা ভাটাত শ্ৰমিক হিচাপে কৰ্মৰত বিবাহিতা মহিলা গৰাকীক একেখন ইটা ভাটাত শ্ৰমিক হিচাপে কৰ্মৰত দুজন লোকে ইটা ভাটাৰ পৰা ১০০ মিটাৰ দূৰত্বত পথাৰত নি ধৰ্ষণ কৰে।

মহিলা গৰাকীক লোক দুজনে দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত হত্যা কৰি এম জে বি নামৰ ইটা ভাটাৰ চৌকাত সোমাই থয়। লোক দুজনে মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত মৃতদেহ চোঁচোৰাই ইটা ভাটা লৈ অনাৰ দৃশ্য বন্দী হয় চি চি টিভি কেমেৰাত। চি চি টিভিত আৱদ্ধ হোৱা এই চাঞ্চল্যকৰ দৃশ্যৰ আধাৰত আৰক্ষীয়ে মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰা লোক দুজনক গ্ৰেপ্তাৰ কৰি জেৰা চলায়। এই জঘন্য কাণ্ড সংঘটিত কৰা ধৃত লোক দুজন ক্ৰমে বালা ৰাম হিমৰুং আৰু দেবান মুৰ্মু।

আৰক্ষীৰ জেৰাত বালা ৰাম হিমৰুং আৰু দেবান মুৰ্মুৱে ইটা ভাটাৰ বিবাহিতা মহিলা শ্ৰমিক গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত দৰং আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ উচ্চপদস্থ কেইবাগৰকী বিষয়া উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে। ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা এম জে বি ইটা ভাটাত কৰ্মৰত মহিলা শ্ৰমিক গৰাকী কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ বুলি জানিব পৰা গৈছে। ইফালে এই জঘন্য ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ।