গুৱাহাটী, ২৯ আগষ্টঃ নগাঁৱৰ ননৈ পাৰৰ ঐতিহ্যমণ্ডিত সত্রানুষ্ঠান শ্ৰীশ্ৰী ফুলবাৰী সত্ৰ আৰু কাৰিকৰী শিক্ষাৰ অগ্রণী প্রতিষ্ঠান জিআইটিয়ে বিশিষ্ট শিক্ষাবিদ, গৱেষক ° দয়ানন্দ পাঠকক তৰুণ চন্দ্ৰ গোস্বামী চম্পাৱতী বঁটা ২০১৭ৰ প্ৰদান কৰিব৷ উল্লেখ্য যে, শ্ৰীশ্ৰী ফুলবাৰী সত্ৰ আৰু কাৰিকৰী শিক্ষাৰ অগ্রণী প্রতিষ্ঠান জিআইটিয়ে অসমৰ সমাজ তথা সাহিত্য সংস্কৃতি ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক প্রতিবছৰে তৰুণ চন্দ্ৰ গোস্বামী চম্পাৱতী বঁটাৰে সন্মানিত কৰে৷ চলিত বৰ্ষত ফুলবাৰী সত্ৰ আৰু জিআইটিয়ে বিশিষ্ট শিক্ষাবিদ, গৱেষক ° দয়ানন্দ পাঠকক এই বঁটা প্রদানৰ সিদ্ধান্ত লৈছে৷ বঁটা প্রদান অনুষ্ঠানত বিশিষ্ট সাংবাদিক কনকসেন ডেকা, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী মলয়া গোস্বামী, দ্য কাউঞ্চিল অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকনলজী ইণ্ডিয়াৰ অধ্যক্ষ ° কেচি চাহু, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, সাহিত্যিক শিৱ প্ৰসাদ বড়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি শ্ৰীশ্ৰী ফুলবাৰী সত্ৰৰ সত্ৰাধিকাৰ দেৱকান্ত গোস্বামীয়ে এক বিবৃতিত জানিবলৈ দিয়ে৷