বাঘবৰ ২৯ আগষ্টঃ বৰপেটাৰ বাঘবৰ আৰু আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত বাঘবৰ চৰাঞ্চলত দীৰ্ঘদিন ধৰি হস্তনিৰ্মিত অস্ত্ৰৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা পাঁচজনীয়া দুষ্টচক্ৰক স্থানীয় লোকে আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, চক্ৰটোৰ চেকান্দাৰ আলী, ৰফিকুল ইছলাম, মান্নাফ আলী, কমল উদ্দিন আৰু আব্দুল বাতেনক পাহাৰপুৰ কাতুলিত গৰু চুৰি কৰিবলৈ আহোতে স্থানীয় লোকে নাওঁসহ হাতে লুটে আটক কৰে৷ এই খবৰ লাভ কৰাৰ লগে লগে মন্দিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়৷ মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এম ব্ৰমৰ নেতৃত্বত অহা আৰক্ষী দলে নাওঁ খনত তালাচি চলাই দুটা হস্তনিৰ্মিত বোমা সহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বাঘবৰ  চৰাঞ্চলৰ কেবাটাও এলেকাত হস্তনিৰ্মিত অস্ত্ৰ  লৈ দলটোৱে ৰাইজৰ মাজত সন্ত্ৰাস চলাই আহিছিল। স্থানীয় লোকে ইয়াৰ বিৰুদ্ধে প্ৰশাসনক বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ স্থানীয় লোকে ধনৰ বিনিময়ত প্ৰশাসনে এইসকল লোকক ৰক্ষণাবেক্ষন দিয়াৰহে অভিযোগ কৰিছে৷