গুৱাহাটী, ৪ মেঃ অসম চৰকাৰে সলনি কৰিলে গুৱাহাটী মহানগৰীৰ বহু কেইটা পথৰ নাম। এক সংবাদ মেলত শিক্ষা, স্বাস্থ্য তথা বিত্তীয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে মহানগৰীৰ পথ সমূহৰ নতুন নাম। গুৱাহাটী-শ্বিলংৰ ৰোডৰ নতুন নাম হ’ল শ্ৰীমন্ত শংকৰদেৱ পথ, এ টি ৰোড নতুন নাম দামোদৰদেৱ পথ, ভি আই পি ৰোডৰ নাম মাধৱদেৱ পথ, হাতীগাঁও ৰোড হৰিদেৱ পথ আৰু গুৱাহাটী ক্লাবৰ ঘূৰণীয়া চক্ৰ জনা যাব লক্ষ্মীনাথ বেজবৰুৱা চক নামেৰে। উল্লেখযোগ্য যে উৎসৱ-পাৰ্বণত চৰকাৰী পুৰুষ কৰ্মচাৰীৰ ইউনিফৰ্ম ধুতী-কুর্তা আৰু মহিলা কৰ্মচাৰীৰ ইউনিফৰ্ম মেখেলা-চাদৰ হিচাপে ঘোষণা কৰাৰ পিছত আজি চৰকাৰে সলনি কৰে মহানগৰীৰ ১০ টাকৈ পথৰ নাম। সুধাকণ্ঠ ভূপেন হাজৰিকা, খগেন মহন্ত, চাওলুং চুকাফা, আজান ফকীৰৰ নামেৰেও নামাকৰণ কৰা হয় মহানগৰীৰ পথ।