মাজুলীত ৰাজহুৱা সভা পাতি মুখ্যমন্ত্ৰীৰ চেক বিতৰণ : বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

In ৰাজ্য
Scholars

গুৱাহাটী, সংবাদ ৩৬৫, ২২ মে’ : লক ডাউনৰ নীতি-নিয়ম ভংগ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজহুৱা সভা পাতি চেক বিতৰণৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ এই কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক ভুল কৰা বুলি আহ্বান জনোৱাৰ দাবী দেৱব্ৰত শইকীয়াৰ।

বিশ্বজুৰি কভিড-১৯ কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ ৰোধ কৰাৰ বাবে সামাজিক দূৰত্ব বজাই চলাতো অত্যন্ত প্ৰয়োজন। চৰকাৰেও সামাজিক দূৰত্ব বজাই ৰাখিবলৈ ৰাইজক সঘনাই আহ্বান জনাই আছে। সামাজিক দূৰত্ব অটুট ৰাখিবলৈ চৰকাৰে সকলো ধৰণৰ মেল-মইটিং, সভা অনুষ্ঠিত কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লক ডাউনৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ আহতগুৰিচুবুৰী গাঁৱত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ৰাইজৰ মাজত মুখ্যমন্ত্ৰীৰ উন্নয়ন পুঁজিৰ চেক বিতৰণ কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বুলি মন্তব্য প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি কয় “মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে ৰাজহুৱা সভা পাতি চেক বিতৰণ কৰা কাৰ্যৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ ৰাইজক ভুল কৰা বুলি আহ্বান জনাব লাগে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰহ অসম ঘূৰি ৰাইজক সামাজিক দূৰত্ব বজাই চলিবলৈ আহ্বান জনাইছে, কৰ’ণা ভাইৰাছ মহামাৰীৰ বাবে ৰাজ্যত ১৪৪ ধাৰা লগাই ৰখা হৈছে, ৫ জনতকৈ অধিক লোক একত্ৰিত হোৱাৰ ওপৰত বাধা প্ৰদান কৰা হৈছে, চৰকাৰী কাৰ্যালয়ত এশ শতাংশ কৰ্মচাৰীৰ উপস্থিতিত বাধা দিয়া হৈছে এনে সময়ত নীতি-নিয়ম ভংগ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভা অনুষ্ঠিত কৰাটো আশ্চৰ্যয়জনক।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইক্ষেত্ৰত ভুল কৰা বুলি অসমৰ ৰাইজক আহ্বান জনাব লাগে বুলি দাবী জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শিৱসাগৰৰ সাংসদ তপন গগৈও কিছুদিন পূৰ্বে উপযুক্ত কাৰ্যালয়ত চেক বিতৰণ কৰিছিল আৰু সেই সময়তো শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত বহু লোক উপস্থিত আছিল বুলিও অভিযোগ উত্থাপিত কৰিছে দেৱব্ৰত শইকীয়াই।

You may also read!

প্ৰায় ৩২ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰইনসহ এজন আটক

ডিফু ২৮ ছেপ্তেম্বৰ কাৰ্বি আংলং জিলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অন্য এক বৃহৎ সাফল্য। অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত অভিযান চলাই পুনৰ জব্দ

Read More...

দৰিদ্ৰতা : পিতৃয়ে বিক্ৰী কৰিলে কন্যাক

কুন্দন ভৰালী নগাঁও ২৮ ছেপ্টেম্বৰ দৰিদ্ৰতাৰ বাবে এগৰাকী পিতৃয়ে বিক্ৰী কৰিলে কন্যাক। ডিমাপুৰৰ পৰা উদ্ধাৰ কৰা হ'ল দুৰ্ভগীয়া যুৱতী গৰাকীক। যোৰহাটৰ যুৱতী

Read More...

পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীকৰণৰ দাবীত ডিব্ৰুগড়ত দহ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

ইমৰান আলীৰ সৈতে শ্বাহনৱাজ আহমেদ ডিব্ৰুগড়ৰ ২৮ ছেপ্টেম্বৰ ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণকে ধৰি ২৭ মাহৰ প্ৰাপ্য দৰমহা মোকলাই দিয়াৰ দাবীত পুনৰ

Read More...

Mobile Sliding Menu