হোজাই : এক বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় প্ৰয়া ২৫০ খন দোকান। মুহুৰ্তৰ ভিতৰতে এই অগ্নিকাণ্ডত জাহ যায় ৫০ কোটিতকৈও অধিক টকাৰ সম্পত্তি। অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা জুই নিৰ্বাপন।

শনিবাৰে পুৱতি নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। হোজাই জিলাৰ লংকাৰ পিয়লি বজাৰত পুৱতি নিশা সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডত পিয়লি বজাৰত থকা প্ৰায় ২৫০ খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডত ভস্মীভূত হোৱা এই ২৫০ খন দোকানত থকা ৫০ কোটিতকৈও অধিক টকাৰ সমাপ্তি জাহ যায়। অগ্নিকাণ্ডৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও মুহুৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখা সম্পূৰ্ণ বজাৰখন আৱৰি ধৰে।

অগ্নিকাণ্ডৰ খবৰ পাই তৎপৰতাৰে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলী উপস্থিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ ১২ খনকৈ গাড়ীয়ে দীর্ঘসময় ধৰি প্ৰচেষ্টা চলাই অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও স্থানীয় একাংশ লোকে বিদ্যুৎ বিজুৰিত ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰে।