ধুবুৰী : ধুবুৰী আৰক্ষীৰ জালত নিচাজাতীয় টেবলেটসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে এখন বাহনত তালাচী চলাই জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটখিনি। জব্দকৃত নিচাজাতীয় টেবলেটখিনি লক্ষাধিক টকা মূল্যৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী সকলে নতুন নতুক কৌশল অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে।

ড্ৰাগছ সৰবৰাহকাৰী সকলৰ ড্ৰাগছ সৰবৰাহৰ নতুন নতুন কৌশল আৰক্ষীয়ে বিফল কৰিছে যদিও ইয়াৰ মাজতে বহু ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ চকুত ধূলি দিবলৈ সক্ষম হৈছে। আৰক্ষীৰ চকুত ধূলি দিবলৈ সক্ষম হোৱাৰ আশাত ড্ৰাগছ সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল দুজন।

এক গোপন খবৰৰ ভিত্তিত ধুবৰী আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে। ধুবুৰী আৰক্ষীয়ে এএছ-০১-বিডি-৪৯০৫ নম্বৰৰ এখন চাৰিচকীয়া বাহনত তালাচী চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিছে। আৰক্ষীয়ে মাহমুদুল হাচান আৰু মজিদ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক নিচাজাতীয় টেবলেটখিনিৰ লগত গ্ৰেপ্তাৰ কৰিছে।

চাৰিচকীয়া বাহনখনত তালাচী চলাই আৰক্ষীয়ে ৭ হাজাৰ নিচাজাতীয় টেবলেট জব্দ কৰিছে। জব্দকৃত এই নিচাজাতীয় টেবলেটখিনি লক্ষাধিক টকা মূল্যৰ হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ড্ৰাগছ সৰবৰাহকাৰী দুজন পশ্চিম বংগৰ পৰা এই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটখিনি আনিছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা চলাই আছে।