বৈঠালাংছ, ২৩ মেঃ কাৰ্বি আংলং জিলাৰ বৈঠালাংছত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাৰ শান্ত নৌহওতেই পুনৰ বৈঠালাংছত ধৰ্ষণৰ বলি হ’ল এগৰাকী বোৱাৰী। বিহু অনুষ্ঠান উপভোগ কৰিবলৈ গৈ কিছুদিন পূৰ্বে বৈঠালাংছত সাতজনকৈ যুৱকৰ দ্বাৰা গণ ধৰ্ষণৰ বলি হৈ প্ৰাণ হেৰুৱাব লগা হৈছিল এগৰাকী যুৱতীয়ে। এই ঘটনাই ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বিভিন্ন দল সংগঠনৰ লগতে বৈঠালাংছত মহিলাসকল এই ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলক উপযুক্ত শাস্তিৰ দাবীত ৰাজপথলৈ নামি আহিছিল। আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাসকলক আটক কৰি তদন্ত কৰি থকা সময়তে বৈঠালাংছত এজন কাৰ্বি ৰজাৰ কামনাৰ বলি হ’ল এগৰাকী বোৱাৰী। কাৰ্বি আংলং জিলাৰ বৈঠালাংছৰ উমৰংছি বা গাঁৱত কাৰ্বি ৰজা হৰসিং ৰংহাংৰ হাতত ধৰ্ষিতা হ’ল গাঁৱখনৰে এগৰাকী বোৱাৰী। বিগত মাহৰ ১৭ তাৰিখে এই ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাৰ বাবে হামৰেন আৰক্ষীয়ে ৰজা হৰসিংক আটক কৰি তদন্ত আৰম্ভ কৰিছে।