মাজুলী,২২ মেঃ বনগাঁও চাৰিআলিৰ এজন ব্যৱসায়ীক স্থানীয় আৰক্ষী থানাৰ বেটিলিয়ানে আক্ৰমণ কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি ক্ষোভৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুহৰি, দুদু গায়ন নামৰ ব্যৱসায়ীজনক তেওঁৰ দোকানৰ ভিতৰতে বনগাঁও আৰক্ষী চকীৰ দুই আৰক্ষী বেটিলিয়ান বোধেশ্বৰ দাস  আৰু তপন বসুমতাৰীয়ে মাৰধৰ কৰে৷ দুদু গায়নে নিজৰ দোকান সামৰি ঘৰলৈ যোৱাৰ সময়তে বেটেলিয়ান  দুগৰাকীয়ে ব্যৱসায়ী জনক আক্ৰমন কৰে৷ গায়নে ঘটনাৰ সন্দৰ্ভত থানাত গোচৰ দিয়ে৷ তৎকালীন ভাবে কমলাবাৰীৰ বেটেলিয়ান কামাণ্ডেন্ট আহি ঘটনাৰ প্ৰাথমিক তদন্ত কৰি দোষী বেটেলিয়ান দুজনক শাস্তিমূলক বদলি কৰে৷ আনহাতে গুৰুতৰ ভাবে আহত দুদু গায়নে ব্যৱসায়ীজনক কমলাবাৰীৰ চিকিৎসালয়ত চিকিৎসাৰ কাৰণে ভৰ্ত্তি কৰে৷