হাউলী, ২৩ মেঃ বাক্সা জিলাৰ গোবৰ্ধন আৰক্ষী থানাৰ অন্তৰ্গত ৰংদিয়াত সংঘটিত এক নৃশংস হত্যাকাণ্ডই অঞ্চলতজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ভূমি বিবাদক কেন্দ্ৰ কৰি ভাগিনৰ হাতত নৃশংস মৃত্যু সাৱতিবলগীয়া হয় মোমায়ে৷ পাঁচজনকৈ ভাগিনে বিবাদক কেন্দ্ৰ কৰি পৰিকল্পিত ভাবে মোমায়েক নুৰ মহম্মদক (৬৭) ছুৰিৰে ঘপিয়াই হত্যা কৰে। নুৰ মহম্মদ মাজগাঁওৰ এম ই স্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক। হত্যাকাণ্ডৰ মূল অভিযুক্ত ভাগিনকেইজন ক্ৰমে বিলাস হুছেইন তালুকদাৰ, আজাদ তালুকদাৰ, হাবিবুৰ তালুকদাৰ, মাজিদুৰ তালুকদাৰ, নজৰুল তালুকদাৰ৷ হত্যাকাণ্ডৰ পিছতে তেওঁলোকে পলায়ন কৰে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্হিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। হত্যাকাণ্ডৰ পিছত সমগ্ৰ ৰংদিয়া অঞ্চলত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে। স্থানীয়লোকে হত্যাকৰী সকলক  শীঘ্ৰে কৰায়ত্ব কৰি ফাচী দিয়াৰ দাবী জনায়ছে৷