নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ জুলাই : ২০০৪ চনৰ ১৫ আগষ্টত সমগ্ৰ ৰাজ্যৰ লগতে বিশ্ব কঁপাই তোলা ধেমাজিৰ বোমা বিস্ফোৰণ। টিভিৰ পৰা বাতৰিৰ শিৰোনামলৈকে দখল কৰিছিল ধেমাজিৰ কাণ্ডই ।

উল্লেখযোগ্য যে ২০০৪ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ আয়োজন কৰিছিল ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত ধেমাজিৰ জিলা প্ৰশাসনে । ৫৮ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিবলৈ লৈছিল সেইসময়ৰ উপায়ুক্ত মুকেশ চাহুৱে । পতাকা উত্তোলন কৰিবলৈ লওঁতেই এক বিকট কান তাল মৰা শব্দৰ লগতে ক’লা ধোঁৱাই ধেমাজিৰ আকাশ-বতাহ চানি ধৰিছিল। অ’ত-ত’ত চিটিকি পৰিছিল জীয়া মাংস , ক’ৰবাত হাতৰ এক অংশ , ক’ৰবাত ভৰি । ভৰি পৰিছিল তেজ আৰু মাংস পিণ্ডৰে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰ ।

খেলপথাৰৰ অস্থায়ী মঞ্চৰ পৰা কিছু নিলগত বিস্ফোৰিত হৈছিল এক শক্তিশালী বোমা । বোমাটো বিস্ফোৰণ ঘটাইছিল নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী,অসম ,চমুকৈ আলফাই । বিস্ফোৰণত থিতাতে নিহত হৈছিল ১৩ জনকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী। গুৰুত্বৰভাৱে আহত হৈছিল ২১ জন লোক।

বোমা বিস্ফোৰণৰ তদন্তৰ প্ৰক্ৰিয়াত ৫৫ গৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰি মুঠ ১৫ গৰাকী ব্যক্তিৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰিছিল ধেমাজিৰ আৰক্ষীয়ে । ইফালে অভিযুক্ত ১৫ গৰাকী ব্যক্তিৰ বিৰুদ্ধে সাক্ষ্যদান কৰি ধেমাজি ছেছন আদালতে ২০ জুনত ৰায়দান দিয়াৰ কথা আছিল ।

কিন্তু ৰহস্যজনকভাৱে গোচৰটোৰ ৰায়দানৰ আগে আগে হত্যাৰ বলি হ’ল অধিবক্তা । অভিযুক্ত চাৰিজনৰহৈ উকালতি কৰিছিল অধিবক্তা ঘনশ্যাম লাহনে যদিও অতি ৰহস্যজনকভাৱে ঘনশ্যাম লাহনৰ মৃত্যু হয় ৷ যাৰ ফলত স্থগিত ৰখা হয় আদালতৰ ৰায়দান। অৱশেষত আজি প্ৰদান কৰা বছৰ বছৰ ধৰি অপেক্ষা কৰি অহা ধেমাজি কাণ্ডৰ ১৫ অভিযুক্তৰ বিৰুদ্ধে চূড়ান্ত ৰায়দান ।