পলাশবাৰী, সংবাদ ৩৬৫, ৪ জুলাই : আজিৰে পৰা আৰম্ভ হব পবিত্ৰ হজ যাত্ৰা । এইবাৰ উত্তৰ-পূবৰ সৰ্বমুঠ ৩,৫৯৪ গৰাকী হজযাত্ৰী যাত্ৰা কৰিব মদিনা অভিমুখে ৷ ইয়াৰে অসমৰ পৰা ৩৫১৫ গৰাকী , মেঘালয়ৰ পৰা ৫৫ গৰাকী, নাগালেণ্ডৰ পৰা ২২ গৰাকী আৰু অৰুণাচলৰ ৪ গৰাকী হজযাত্ৰী যাব ৷

হজযাত্ৰীসকলৰ ভিতৰত আছে ২,৪৩২ গৰাকী পুৰুষ আৰু ১,১৬২ গৰাকী মহিলা । আজিৰ পৰা ১৭ জুলাইলৈ দৈনিক বৰঝাৰ বিমানবন্দৰৰ পৰা যাব ১৫০ জনকৈ হজযাত্ৰী । বিমানবন্দৰত হজযাত্ৰীসকলৰ শিৱিৰ মুকলি কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

হজযাত্ৰী সকলৰ যাত্ৰা শুভাৰম্ভ কৰিব হজ কমিটিৰ অধ্যক্ষ ৰঞ্জিত দত্তই । বৰঝাৰ বিমানবন্দৰৰ পৰা প্ৰথমখন হজ যাত্ৰীৰ বিমান মদিনালৈ উৰা মাৰিব দুপৰীয়া প্ৰায় ১:৩০ বজাত । বিমানবন্দৰত অসম চৰকাৰ তথা বিমানবন্দৰ কৰ্তৃপক্ষই হজ যাত্ৰীৰ সুবিধাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বিমান বন্দৰত ।