জনীয়া, সংবাদ ৩৬৫, ৪জুলাই : পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰখনে সৰ্বাংগীন উন্নয়নৰ ঢাক ঢোল বজাই আহিলেও প্ৰকৃততে সঁচাকৈয়ে উন্নয়ন হৈছেনে ৰাজ্যৰ পথসমূহ ?

ৰাস্তাৰ মাজত বহল আকাৰৰ পুখুৰী সদৃশ এটা পথৰ , য’ত এজাক বৰষুণ দিলেই ৰাস্তাত হৈ যায় একাঠু পানী। এয়াই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিকশিত অসমৰ পয়ালগা ছবি । ইফালে বলাইপথাৰৰ পৰা কলগাছিয়া বজাৰলৈ যোৱা পথছোৱা দ হোৱাৰ বাবে এজাক বৰষুণ পৰিলেই একাঠু পানী হোৱাত দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে নৰক যন্ত্ৰণা ভুগি আছে।

আকৌ কলগাছিয়াৰ গুইলেজা গাঁওৰ পথ কিন্তু পথটো দেখিলে পথৰ ওপৰত গাত নে গাঁতৰ ওপৰত পথ ধৰিবই নোৱাৰি । একেদৰে বালিকুৰিৰ পৰা কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়লৈ যোৱা পথ। সদাব্যস্ত পথকেইটাত চলাচল কৰে জনীয়া সমষ্টিৰ কেইবাখন গাঁওৰ স্কুলীয়া ছাত্র-ছাত্ৰীৰ লগতে অঞ্চলবাসী। পথকেইটাই চুই গৈছে দুই -তিনিটাকৈ সমষ্টি । কিন্তু পথকেইটা মেৰামতি কৰিবলৈ আগবাঢ়ি অহা নাই কোনো এজন জনপ্ৰতিনিধি তথা সাংসদ আব্দুল খালেক ।

কেবাবাৰো স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে আবেদন কৰা সত্বেও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। ৰাজ্যত এটা বিয়াগোম গড়কাপ্তানী বিভাগ থকাৰ পিছতো জনীয়া সমষ্ঠিৰ গড়কাপ্তানী পথৰ দুৰৱস্থা এইয়া।