ধুবুৰী, ৮ ছেপ্টেম্বৰ, ২০২৩ : অসম আৰক্ষীৰ ওপৰতো পৰিছে মূল্যবৃদ্ধিৰ প্ৰভাৱ। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে নিদ্ৰা হৰণ কৰিছে একাংশ আৰক্ষীৰ লোকৰ। মূল্যবৃদ্ধি জুইত পৰিয়াল পোহপাল দিব নোৱাৰি এইবাৰ পিয়াঁজ চুৰিত নামিল ধুবুৰী আৰক্ষীৰ (Dhubri Police) এগৰাকী আৰক্ষী। পিয়াঁজ (Onion) চুৰিৰ সমগ্ৰ দৃশ্য বন্দী চি চি টিভি কেমেৰাত (CCTV Camera)।

মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জুইত জ্বলিছে সৰ্বসাধাৰণ জনতা। মূল্যবৃদ্ধিৰ জুইৰ পৰা ৰক্ষা পাবলৈ অসম আৰক্ষীৰ নাক কাটিলে এগৰাকী আৰক্ষীৰ লোকে। পুণৰ খাকী পোছাকত দাগ লগালে আৰক্ষীয়ে। নিশা চুৰি কাৰ্যত নামিল ধুবুৰী আৰক্ষী।ৰাজপথত পিয়াঁজৰ গাড়ীৰ পৰা পিয়াঁজ চুৰি কৰিলে ধুবুৰী আৰক্ষীয়ে।

ৰাজপথত ৰখাই থোৱা পিয়াঁজ ভৰ্তি ট্ৰাকৰ ত্রিপাল খুলি ট্ৰাকত প্ৰৱেশ কৰি এগৰাকী খাকী পোছাকধাৰীয়ে মোনাত পিয়াঁজ ভৰ্তি কৰি নামি আহে ট্ৰাকখনৰ পৰা। আৰক্ষীৰ এই পিয়াঁজ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চি চি টিভি কেমেৰাত। এগৰাকী আৰক্ষীৰ পিয়াঁজ চুৰিকাণ্ডৰ ঘটনাই সমগ্ৰ ধুবুৰীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যি সমায়ত মুখ্যমন্ত্ৰী হীমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ সংস্কাৰ সাধন কৰাৰ কথা কৈ আহিছে তেনে সময়তে ধুবুৰী আৰক্ষীয়ে নাক কাটিলে অসম আৰক্ষীৰ।

দৰমহাৰ টকাৰে পেট নভৰা ধুবুৰী আৰক্ষী চুৰিকাণ্ডত নামিল।পিয়াঁজ চুৰি কৰি অসম আৰক্ষীক লজ্জানত কৰিলে ধুবুৰী আৰক্ষীৰ এইগৰাকী খাকী পোছাকধাৰী আৰক্ষীয়ে। নিশা ৰাজপথত ৰখাই থোৱা এম পি-১৭- এইচ এইচ-৪১৮৩ নম্বৰৰ ট্ৰাকৰ পৰা পিয়াঁজ চুৰি কৰিলে ধুবুৰী আৰক্ষীয়ে। এতিয়া প্ৰশ্ন হয় ৰাইজক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে চুৰিকাণ্ডত লিপ্ত হোৱা ধুবুৰী সদৰ থানাৰ এই গৰাকী আৰক্ষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয়।