গুৱাহাটী, ৭ ছেপ্টেম্বৰ, ২০২৩ : মানকটা আৰওবিৰ পুনৰ নিৰ্মাণ আৰু ৰে’ল বৈদ্যুতিকৰণৰ (Railway Electrification) কামৰ বাবে ডিব্ৰুগড় টাউন ৰে’লৱে ষ্টেচনটো অস্থায়ীভাৱে বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত, কেইখনমান ৰে’লৰ প্ৰাৰম্ভিক যাত্ৰা আৰু পৰিসমাপ্তি কৰা ষ্টেচনসমূহ পূৰ্বে ৬ ছেপ্টেম্বৰলৈকে ডিব্ৰুগড় টাউন ষ্টেচনৰ পৰিৱৰ্তে ডিব্ৰুগড় ষ্টেচনলৈকে পৰিৱৰ্তন কৰা হৈছিল, ইয়াক ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈকে বৃদ্ধি কৰা হৈছে। সেই অনুসৰি, ৫ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১২৪২৪ (নিউ দিল্লী-ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছ নিউ দিল্লীৰ পৰা ১৬.২০ বজাত প্ৰস্থান কৰি ০৬.০০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব।

৭ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১২৪২৩ (ডিব্ৰুগড়-নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছ ৰে’লখন ২০.৫৫ বজাত ডিব্ৰুগড়ৰ পৰা প্ৰস্থান কৰি ১০.৩০ বজাত নিউ দিল্লীত গৈ উপস্থিত হ’ব। ৬ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১৫৬৬৯ (গুৱাহাটী-ডিব্ৰুগড়) নাগালেণ্ড এক্সপ্ৰেছ ৰে’লখন ২০.৪৫ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি ১০.৩০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব। ৭ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১৫৬৭০ (ডিব্ৰুগড়-গুৱাহাটী) নাগালেণ্ড এক্সপ্ৰেছ ৰে’লখন ১৪.০৫ বজাত ডিব্ৰুগড়ৰ পৰা প্ৰস্থান কৰি ০৩.১৫  বজাত গুৱাহাটীত আহি উপস্থিত হ’ব। ৭ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈকে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ০৫৯১৬ (ডিব্ৰুগড়-শিমলুগুড়ী জংচন) যাত্ৰী বিশেষ ৰে’লখন ১৭.৩৫ বজাত ডিব্ৰুগড়ৰ পৰা প্ৰস্থান কৰি ২০.০৫ বজাত শিমলুগুড়ী জংচনত গৈ উপস্থিত হ’ব।

৭ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ০৫৯১৫ (শিমলুগুড়ী জংচন-ডিব্ৰুগড়) যাত্ৰী বিশেষ ৰে’লখন ০৬.২৫ বজাত শিমলুগুড়ী জংচনৰ পৰা প্ৰস্থান কৰি ০৮.৪৫ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব।লগতে, ০৭৯০২-০৭৯০৩ (লিডু -ডিব্ৰুগড় টাউন-লিডু) ডেমু বিশেষ ৰে’লখন ৭ মেৰ পৰা ০৬ ছেপ্টেম্বৰ, ২০২৩ লৈ ডিব্ৰুগড় টাউন ষ্টেচন বাদ দি চাউলখোৱা-ডিব্ৰুগড় ষ্টেচন হৈ মুৰ্কংচেলেকলৈ সম্প্ৰসাৰিত সেৱাৰ ৩০ ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা হৈছে। ৰে’ল নং ০৭৯০২ (লিডু-মুৰকংচেলেক) ডেমু স্পেচিয়েল ৰে’লখন লিডুৰ পৰা ০৬.৪৫ বজাত যাত্ৰা আৰম্ভ কৰি ১২.১৫ বজাত মুৰকংচেলেকত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৭৯০৩ (মুৰকংচেলেক-লিডু) ডেমু স্পেচিয়েল ৰে’লখন মুৰকংচেলেকৰ পৰা ১৫.৩০ বজাত প্ৰস্থান কৰি ২১.০০ বজাত লিডুত গৈ উপস্থিত হ’ব।

এই ৰে’লখনৰ পৰিচালনৰ ফলত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত সুগম ভ্ৰমণৰ অভিজ্ঞতা প্ৰদানৰ দ্বাৰা অসম আৰু অৰুণাচল প্ৰদেশৰ এটা অংশৰ যাত্ৰীসকল উপকৃত হৈছে। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন বাতৰি কাকত আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।