নগাঁও : নগাঁও আৰক্ষীৰ বিৰুদ্ধে নগাঁওবাসীৰ উত্তাল প্ৰতিবাদ। প্ৰাক্তন ছাত্ৰ নেতাক কীৰ্তি কমল বৰাক নগাঁও আৰক্ষীয়ে গুলীওৱাকলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নগাঁওবাসী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ লগতে নগাঁও আৰক্ষী বিৰোধী শ্ল’গানেৰে উত্তাল হৈ পৰে নগাঁও।

নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক নগাঁও আৰক্ষীয়ে গুলীয়াই আহত কৰাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তাল নগাঁও চহৰৰ। নগাঁওবাসী ৰাইজ, ছাত্ৰ সমাজ আৰু বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি নগাঁও সদৰ আৰক্ষী থানা ঘেৰাও কৰে। প্ৰতিবাদকাৰী সকলে ঘটনাৰ উচিত তদন্তৰ লগতে প্ৰদীপ বণিয়াৰ গ্ৰেপ্তাৰৰ দাবী জনায়।

শনিবাৰে নিশা নগাঁও আৰক্ষীৰ গুলীত আহত হৈছিল কীৰ্তি কমল বৰা নামৰ এজন প্ৰাক্তন ছাত্ৰ নেতা। নগাঁৱৰ কচলোখোৱাৰ কীৰ্তি কমল বৰাক আৰক্ষীয়ে ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত ভৰিত গুলীয়াই আহত কৰিছিল। আহত প্ৰাক্তন ছাত্ৰ নেতাজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইফালে প্ৰাক্তন ছাত্ৰ নেতাজনৰ ড্ৰাগছৰ লগত কোনো সম্পৰ্ক নাই বুলি দাবী জনাইছে প্ৰাক্তন ছাত্ৰ নেতাজনৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

কীৰ্তি কমল বৰাক আৰক্ষীয়ে বিনা দোষত গুলীয়াই আহত কৰাৰ অভিযোগ উত্থাপন কৰি দেওবাৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ, দল-সংগঠনৰ লগতে ছাত্ৰ ছাত্ৰীসকলে। নগাঁও মহাবিদ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ সদৰ আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ কৰে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে।

প্ৰতিবাদকাৰী সকলে নগাঁও আৰক্ষী মূর্দাবাদ, নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ গ’ বেক, প্ৰদীপ বণিয়াক গ্ৰেপ্তাৰ কৰক, আমাক ন্যায় লাগিব আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদৰ পিছতে গুলী চালনাৰ ঘটনাৰ নিজাববীয়াকৈ তদন্তৰ আৰম্ভ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই। ইতিমধ্যে প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।