নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ ছেপ্টেম্বৰ : ৪ অক্টোবৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব দেশৰ প্ৰথমখন ব্যক্তিগত ৰে’লে । আজি ট্ৰেইনখনৰ পৰীক্ষণমূলক চালন আৰম্ভ হয় ।

২৯০ কিলোমিটাৰৰ পৰীক্ষণমূলক চালনত ট্ৰেইনখনৰ বিজুতি আৰু বিসংগতিসমূহ পৰীক্ষা কৰা হ’ব আৰু এইয়া সমাপ্ত হলে ৪ অক্টোবৰত লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিব ।

উল্লেখযোগ্য যে লক্ষ্ণৌৰ পৰা গোৰখপুৰ ৰুটত পুৱা ৬.৫০ বজাৰ পৰা আৰম্ভ হৈছে ট্ৰেইনখনৰ পৰীক্ষামূলক চালন। অত্যাধুনিক সুবিধাৰে নিৰ্মিত কৰা হৈছে এই ট্ৰেইনখন।

পূৰ্বোত্তৰ ৰে’লৱেৰ পৰা এই ট্ৰেইনখনৰ অপাৰেশ্যনৰ অৰ্ডাৰ জাৰি কৰা হ’ব শুকুৰবাৰে। যাৰ পিছত শীঘ্ৰে ৱেবচাইটযোগে টিকট বুকিঙৰ ব্যৱস্থা কৰা হ’ব।