শিৱসাগৰ : মহান ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ চুৰি হোৱা হাতঘড়ী শিৱসাগৰত উদ্ধাৰ। শিৱসাগৰৰ ৱাজিদ হুছেইন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে চুৰি হোৱা ডিয়েগো মাৰাডোনাৰ হাতঘড়ী উদ্ধাৰ কৰে। ডুবাইৰ পৰা ৱাজিদ হুছেইনে চোৰ কৰি আনিছিল মহান ফুটবলাৰ গৰাকীৰ হাতঘড়ী।

শিৱসাগৰৰ ৱাজিদ হুছেইন নামৰ এজন যুৱকে ডুবাইৰ পৰা মহান ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ হাবলট এডিশ্যনৰ মূল্যবান হাতঘড়ী চুৰ কৰি অসমলৈ পলাই আহিছিল। ডুবাই আৰক্ষী আৰু অসম আৰক্ষীয়ে এক যৌথ অভিযান চলাই মৰণহাটৰ পৰা ডিয়েগো মাৰাডোনাৰ হাতঘড়ীসহ গ্ৰেপ্তাৰ কৰে ৱাজিদ আলী নামৰ যুৱকজনক।

উল্লেখ্য যে ডুবাইত কৰ্মৰত অৱস্থাত ৱাজিদ হুছেইন নামৰ যুৱকজনে মহান ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ হাবলট এডিশ্যনৰ মূল্যবান হাতঘড়ী চুৰ কৰিছিল। শনিবাৰে আৰক্ষীয়ে এক অভিযান চলাই ৱাজিদ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ২০২০ চনৰ ২৫ নৱেম্বৰ তাৰিখে মৃত্যু হৈছে মহান ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্তই টুইটযোগে জানিবলৈ দিয়ে যে শিৱসাগৰত মহান ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ চুৰি হোৱা হাতঘড়ী ৱাজিদ হুছেইন নামৰ এজন যুৱকৰ কবলৰ পৰা উদ্ধাৰ হৈছে। ডিয়েগো মাৰাডোনাৰ হাবলট এডিশ্যনৰ মূল্যবান হাতঘড়ী ৱাজিদ হুছেইন আসমলৈ আনৰ পিছৰে পৰা আত্মগোপন কৰি আছিল।