জোনমণি বেগম
বিশ্বনাথ : পুনৰ আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা অপৰাধীৰ, পুনৰ আৰক্ষীৰ গুলী চালনা। এইবাৰ বিশ্বনাথ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ’ল দুধর্ষ অপৰাধী। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে দুধর্ষ অপৰাধীজনক লক্ষ্য কৰি গুলী চালনা কৰে।

ৰাজ্যত পুনৰ আৰক্ষীৰ দ্বাৰা গুলী চালনাৰ ঘটনা সংঘটিত হৈছে। এইবাৰ বিশ্বনাথ আৰক্ষীয়ে জাহিৰ আলী নামৰ দুধর্ষ অপৰাধী এজনক লক্ষ্য কৰি গুলী চালনা কৰিছে। আৰক্ষীৰ গুলী ভৰিত লগাত গুৰুত্বৰভাৱে আহত হৈছে জাহিৰ আলী নামৰ দুধর্ষ অপৰাধীজন।

আৰক্ষীয়ে আহত জাহিৰ আলীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে। জানিব পৰা মতে পুৱতি নিশাৰ ভাগত আৰক্ষীয়ে জাহিৰ আলীক লগত লৈ এক অভিযান চলাবলৈ যাওঁতে আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায় জাহিৰ আলীয়ে। আৰক্ষীয়ে বাধ্য হৈ জাহিৰ আলীৰ ভৰিত গুলী চালনা কৰিব লগীয়া হয়।

উল্লেখ্য যে শুকুৰবাৰে নিশা বিশ্বনাথ আৰক্ষীয়ে জালনোট আৰু নকল সোণৰ বিৰুদ্ধে বিশ্বনাথৰ বিভিন্ন অঞ্চলত অভিযান চলাই জালনোট বনোৱা দুটা মেচিন, জালনোট, নকল সোণৰ মূৰ্ত্তিৰ লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল৷ ধৃত এই লোক সকলৰ মাজত মূল অপৰাধী আছিল জাহিৰ আলী।