বকো : বকোত উত্তেজনা। ন্যায় বিচাৰি উত্তাল বকোৰ বন্দাপাৰা। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ ৰাজপথত ৰাইজৰ সমদল। পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত। প্ৰায় অৰ্ধ শতাধিক লোকে ন্যায় বিচাৰি ঘেৰাও কৰিলে বন্দাপাৰা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়।

শুকুৰবাৰে বকোৰ বন্দাপাৰা চেখাদাৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। বনৰীয়া হাতীৰ জাকক খেদিবলৈ বন বিভাগে চালনা কৰা গুলীত গুলীবিদ্ধ হৈছিল মাতৃ-কন্যা। বন বিভাগৰ গুলীত নিহত হৈছিল ২ বছৰীয়া আৰ্বি দৈমাৰী নামৰ এগৰাকী কণমানি।

২ বছৰীয়া কন্যা শিশুটি নিহত হোৱাৰ লগতে কন্যা শিশুটিৰ মাতৃ
মালবিকা দৈমাৰী আহত হৈছিল বন বিভাগৰ গুলীত। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে এক চেপা উত্তেজনা। শুকুৰবাৰৰ পৰাই এই ঘটনাক কেন্দ্ৰ কৰি ৰাইজ উত্তেজিত হৈ আছে। ঘটনাৰ পিছতে ৰাইজে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

শুকুৰবাৰে নিশা পৰ্যন্ত ৰাইজে বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত শনিবাৰে পুৱা পুনৰ উত্তেজিত ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। ইয়াৰ পিছতে প্ৰতিবাদকাৰী ৰাইজে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ এক সমদল উলিয়াই বন্দাপাৰা বঞ্চলিক বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বন্দাপাৰা বঞ্চলিক বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে।

প্ৰায় অৰ্ধ শতাধিক পুৰুষ-মহিলাই বন বিভাগ মূর্দাবাদ, আমাক ন্যায় লাগে আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে। শুকুৰবাৰে বন বিভাগৰ লোকে বনৰীয়া হাতীৰ এটা জাকক খেদিবলৈ গুলী চালনা কৰাত কন্যা শিশুসহ এগৰাকী মহিলা গুলীবিদ্ধ হৈছিল।

পৰৱৰ্তী সময়ত ২ বছৰীয়া কন্যা শিশুটিৰ মৃত্যু হয়। আনহাতে গুলীবিদ্ধ মহিলা গৰাকী চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে বন্দাপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাননি পথাৰত শুকুৰবাৰে পুৱাৰ ভাগত ধান কাটি থকা একাংশ লোকৰ ওপৰত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে আক্ৰমণ কৰাত এজন লোক গুৰুত্বৰভাৱে আহত হৈছিল।