নিউজ ডেস্ক, ৩০ ডিচেম্বৰ: বোকাজান মহকুমাৰ ডিলাইত আবকাৰী বিভাগে কালি নিশা প্ৰায় ১২ বজাত অভিযান চলাই এখন অৰুণাচলৰ সুৰা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। আবকাৰী বিভাগে এক বিশেষ সূত্ৰে পোৱা খবৰ অনুসৰি বোকাজান মহকুমাৰ সৰিয়হজানৰ পৰা ট্ৰাকখন অনুসৰণ কৰি আহিছিল। অৱশেষত আবকাৰী বিভাগে ডিলাইৰ পৰা ডিমাপুৰ অভিমুখে যোৱা পথত ট্ৰাকখন ৰখাই থোৱা প্ৰতক্ষ্য কৰে আৰু ডিলাই আৰক্ষীৰ সহযোগত অৰুণাচলী সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰে যদিও ইতিমধ্য ট্ৰাকখনৰ চালক, হেণ্ডিমেন পলাই যায় বুলি সহকাৰী আবকাৰী বিষয়া ন’ৰে ইংতিয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে অৰুণাচলৰ বান্দৰদোৱাৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা আৰ জে-০৭- জি বি- ২৭৫১ নম্বৰৰ ট্ৰাকখনত আবকাৰী বিভাগে প্ৰায় ১৮ লাখ টকাৰ ১৪০০ মদৰ কাৰ্টুন জব্দ কৰিবলৈ সক্ষম হয়৷