গুৱাহাটী, ২৩ মেঃ ইটােৰ পিছত সিটাে ৰাজনৈতিক চমক আৰু প্ৰতাৰণাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে সংবাদ শিৰােনাম দখল কৰাৰ বাহিৰে এটাও নির্বাচনী প্রতিশ্রুতি পূৰণ কৰিব পৰা নাই কেন্দ্ৰৰ তিনি বছৰীয়া বিজেপি চৰকাৰে। কাম নকৰাকৈ সংবাদ মাধ্যমৰ শিৰােনাম দখল কৰাটােৱে মোদী চৰকাৰৰ আটাইতকৈ ডাঙৰ কৃতিত্ব। সংবাদ মাধ্যমক নিজৰ আয়ত্বত ৰখাটাে মােদীৰ এটা বৃহৎ সফলতা। এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। মানুহৰ মাজত সাম্প্রদায়িক উত্তেজনা সৃষ্টি কৰি, জনতাক জনতাৰ বিৰুদ্ধে শত্ৰু শক্তিৰূপে প্রতিষ্ঠা কৰি জনতাৰ মাজতে সংঘাত লগাই জনগণক দৈনন্দিন সমস্যাৰ পৰা আঁতৰাই এক ভুৱা দেশপ্ৰেমৰ বাতাবৰণ সৃষ্টি কৰিব পৰাটাে মোদী চৰকাৰৰ আটাইতকৈ ডাঙৰ সফলতা। আজি গুৱাহাটীৰ গান্ধীবস্তিস্থিত দক্ষ প্রসাদ ডেকা ভৱনত আয়োজন কৰা এক সংবাদমেলত কৃষক মুক্তি সংগ্রাম সমিতিয়ে কয় যে বিদেশৰ ক’লাধন উলিয়াই আনি জনতাৰ মাজত বিলাই দিয়াৰ পৰা বছৰি ২ কোটি নিবনুৱাক সংস্থাপনৰ প্রতিশ্রুতি দিয়ালৈকে এটাও নিবাঁচনী প্রতিশ্রুতি কেন্দ্ৰৰ বিজেপি চৰকাৰখনে যোৱা তিনিটা বছৰত কার্যকৰী কৰিব নোৱাৰিলে। নৰেন্দ্ৰ মােদী আৰু বিজেপিৰ মূল প্রতিশ্রুতি আছিল দেশৰ জনগণলৈ “ভাল দিন” কঢ়িয়াই অনাৰ নামত “অচ্ছে দিন”ৰ সপোন বিক্ৰী কৰিয়েই মোদীয়ে ক্ষমতা দখল কৰিলে। কিন্তু জনতাৰ বাবে সেই ভাল দিন এতিয়া নাহে হে নাহে। প্রতিবাৰেই মোদীৰ নাটকীয় ঘোষণাত জনতাৰ ৰৈ থাকে৷ এইবাৰ আহিব নেকি কাংক্ষিত পৰিৱর্তন বুলি, পিছে বাস্তৱত সেই পৰিৱৰ্তনৰ দেখা-দেখি নাই। কেন্দ্ৰৰ বিজেপি চৰকাৰক তিনি বছৰীয়া কার্যকালৰ বিষয়ে এইদৰে কটাক্ষ কৰি কৃষক মুক্তি সংগ্রাম সমিতিয়ে তৃতীয় বর্ষপূর্তিৰ প্ৰাকক্ষণত চৰকাৰখনৰ কাম-কাজৰ কঠোৰ সমালোচনা কৰে।

  সংবাদ মেলত অখিল গগৈৰ অভিযোগ :— 

  • মোদীৰ দিনতেই দেশত কৃষকৰ আত্মহত্যাৰ সংখ্যা সৰ্বাধিক৷
  • উৎপাদন ব্যয়ৰ লগতে ৫০ শতাংশ লাভ্যাংশ যোগ কৰি কৃষিজাত সামগ্ৰীৰ নুন্যতম সমৰ্থন মূল্য ঘোষণা কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰি কৃষকক ৰামঠগন দিলে মোদীয়ে৷
  • সকলো খেতিপথাৰলৈ পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি মিছা প্ৰমাণিত হ’ল৷
  • ফচল বীমা কৰা আঁচনি প্ৰহসনত পৰিণত হ’ল৷
  • কৃষকৰ ভূমি কাঢ়ি লোৱাৰ ষড়যন্ত্ৰত জড়িত বিজেপি চৰকাৰ৷
  • ৬০ বছৰৰ ওপৰৰ কৃষক আৰু কৃষি বনুৱাৰ বাবে কল্যান মূলক আঁচনি ঘোষণাৰ প্ৰতিশ্ৰুতি পূৰণ নহ’ল৷
  • বছৰি ২ কোটি চাকৰি দিয়াৰ ভূৱা চমক৷
  • বিদেশৰ ক’লা ধন বাজেয়প্তৰ প্ৰতিশ্ৰুতি ভূৱা প্ৰমাণিত হ’ল৷
  • ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি অৰ্থহীন প্ৰমাণিত হ’ল৷
  • মূল্য বৃদ্ধিৰ প্ৰকোপ বৃদ্ধিহে পাইছে৷
  • সকলোৰে কাৰণে ঘৰ প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ৷
  • বিজেপিৰ শাসনত সাম্প্ৰদায়িক বিষবাষ্প সংৰ্ঘষৰ বাতাবৰণত অতিষ্ঠ দেশবাসী৷
  • অসহিষ্ণুতা মোদীৰ শাসনৰ এৰাব নোৱাৰা বৈশিষ্ট৷
  • সংবিধানৰ ওপৰত আক্ৰমণ আৰু শিক্ষাৰ গেৰুৱাকৰণ৷
  • দেশ বিক্ৰীত নামিছে বিজেপি, বৈদেশিক সৰ্ম্পকত অৱনতি৷
  • জনতাৰ ওপৰত কৰৰ বোজা আৰু কৰ্প’ৰেটৰ কৰ আৰু ঋণ ৰেহাই৷
  • মহিলা সুৰক্ষাত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ৷
  • জিএছটি গঠনৰ জৰিয়তে ৰাজ্যৰ অধিকাৰ কৰ্তন৷
  • হিন্দী ভাষা বলপূৰ্বকভাবে জাপি দিব বিচৰিছে মোদী চৰকাৰে৷
  • দেশৰ অৰ্থনৈতিক উন্নয়নৰ ভূৱা ছবি মোদী চৰকাৰৰ৷
  • নাগৰিকত্ব(সংশোধনী) বিধেয়ক, ২০১৩ সিদ্ধান্তৰ বিৰোধীতা চৰকাৰৰ৷
  • বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন বিজেপি চৰকাৰৰ৷
  • ৰাজ্যৰ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ চেষ্টা চৰকাৰৰ৷
  • উত্তৰ-পূব ঔদ্যোগিক নীতি ধ্বংস কৰাৰ ৰাজনীতি মোদী চৰকাৰৰ৷
  • নদীবান্ধ সৰ্ম্পকে ভূৱা প্ৰতিশ্ৰুতি আৰু অসমৰ মাটি বাংলাদেশক হস্তান্তৰ৷