গুৱাহাটী, ১১ আগষ্টঃ ৰাজ্যখনৰ শেহতীয়া প্রলয়ংকাৰী বানপানীৰ সময়ছােৱাত উদ্ধাৰ আৰু সাহাৰ্য্য অভিযান তীব্রতৰ কৰি তুলিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নতুন দিল্লীৰ পৰা বানাক্রান্ত জিলা কেইখনৰ উপায়ুক্ত সকলক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে লগতে বানাক্রান্ত জিলা সমূহৰ উপায়ুক্ত সকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে সাহাৰ্য্য তথা উদ্ধাৰ অভিযানকে ধৰি বান পৰিস্থিতিৰ সম্পূর্ণ বুজ লোৱাৰ লগতে প্রয়োজনীয় দিহা পৰামর্শ প্ৰদানৰ বাবে মুখ্য সচিবক নির্দেশ দিয়ে। উল্লেখ্য যে, উপ-ৰাষ্ট্রপতিৰ শপত গ্রহণ অনুষ্ঠানৰ বাবে দিল্লীত উপস্থিত হােৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বান পৰিস্থিতিৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীৰ পৰাই এই জৰুৰী নির্দেশ জাৰি কৰিছে। মুখ্যমন্ত্ৰীৰ জৰুৰী নির্দেশনাৰ পিছতে মুখ্য সচিব ভি কে পিপাৰচেনিয়াই মুখ্য সচিবৰ সভা কক্ষত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ শীর্ষ বিষয়াৰ উপস্থিতিত বানাক্রান্ত জিলা সমূহৰ উপায়ুক্তসকলৰ লগত ভিডিঅ’ কনফাৰেঞ্চিঙেৰে সাম্প্রতিক বান পৰিস্থিতিৰ বুজ লোৱাৰ উপৰি জিলা উপায়ুক্ত সকলক সাহায্য আৰু উদ্ধাৰ অভিযান যুদ্ধ কালীনভাৱে গ্ৰহণ কৰাৰ বাবে নির্দেশ দিয়ে। মুখ্য সচিবে উপায়ুক্তসকলক বানাক্রান্ত অঞ্চল সমূহলৈ নিজে গৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰি বানােক্রান্ত ৰাইজৰ উদ্ধাৰ অভিযান আৰু সাহাৰ্য্য সামগ্ৰী প্ৰেৰণৰ লগতে প্রয়োজন হ’লে আশ্রয় শিবিৰৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে। বানাক্রান্ত ৰাইজৰ খোৱাপানীকে ধৰি স্বাস্থ্যসেৱা ইত্যাদি জৰুৰীভাৱে উপলব্ধ কৰাৰ ব্যৱস্থা ল’বলৈও জিলা উপায়ুক্তসকলক নির্দেশ দিয়ে। তদুপৰি উদ্ধাৰ অভিযানত এছ ডি আৰ এফ, এন ডি আৰ এফৰ উপৰি স্থানীয় আৰক্ষী বাহিনী সমূহৰ লগত একত্রিতভাৱে কাম কৰাৰ বাবেও নির্দেশ দিয়ে। বানাক্রান্তজিলা সমূহৰ মুখ্য বভাগ সমূহৰ বিষয়া-কর্মচাৰীসকলক লগত লৈ এটা টীম হিচাপে সকলোবােৰ কাম ক্ষীপ্ৰ গতিত কৰাৰ বাবেও মুখ্য সচিবে জিলা উপায়ুক্ত সকলক নির্দেশ দিয়ে। ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বানােক্রান্তজিলা কেইখনৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ সময়ত মুখ্য সচিবে বানােক্রান্ত জিলা কেইখনৰ উপায়ুক্তসকলক বানােক্রান্ত ৰাইজৰ সাহায্য তথা উদ্ধাৰ অভিযানৰ বাবে প্রয়োজনীয় পুঁজি সম্বন্ধেও জানিবলৈ বিচাৰে। বানােক্রান্ত জিলা কেইখনৰ উপায়ুক্ত সকলে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে প্রয়োজনীয় পুঁজি জিলা প্রশাসনৰ হাতত আছে বুলিও মুখ্য সচিবক অৱগত কৰে। ভিডিঅ’ কনফাৰেঞ্চিঙৰ সময়ত মুখ্য সচিবে বানােক্রান্ত সকলৰ সাহায্য আৰু উদ্ধাৰ অভিযানত জিলা প্রশাসনে কিবা অসুবিধাৰ সন্মুখীন হ’লে যি কোনো মুহুর্ততে তেওঁৰ লগত প্রত্যক্ষভাৱে টেলিফোনেৰে যোগাযোগ কৰাৰ বাবেও নির্দেশ দিয়ে যাতে বানাক্রান্ত ৰাইজে কোনো কাৰণতে বিশেষ আহুকালত পৰিব নালাগে।